এই প্ৰসংগত ডঃ বাণীকান্ত কাকতিদেৱে তেখেতৰ ‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা’ত লিখা ‘তীৰ্থাচাৰ’ আৰু ‘বিষ্ণুমাহাত্ম্য’ৰ কথাখিনি উল্লেখ কৰা হ'ল—
তীৰ্থাচাৰ— ‘যোগিনীতন্ত্ৰ’ৰ প্ৰথম খণ্ডত সাধনাৰ নানা মাৰ্গৰ সন্ধান দি উত্তৰ খণ্ডত কামৰূপ ৰাজ্যৰ প্ৰায় ১৬০টি মুখ্যতীৰ্থৰ উল্লেখ কৰিছে। কোন তীৰ্থত কি ব্ৰত কৰিলে কি ফল লাভ হয় ইত্যাদিৰ সবিশেষ বিৱৰণ আছে। উদাহৰণ স্বৰূপে দুই চাৰিটাৰ প্ৰক্ৰিয়া তলত দিয়া হ'ল।
অশ্বতীৰ্থত পিতৃ-শ্ৰাদ্ধ প্ৰশস্ত। যিসকলেহে মাছ, মাংস নাখায় সেই সকলে ইয়াত নিৰামিষ শ্ৰাদ্ধ কৰিব পাৰে।
মুক্তিতীৰ্থ নামে এটি তীৰ্থত স্বামীৰ লগত বামুণীসকলে সহমৰণ কৰিব পাৰে। সেই তীৰ্থত স্বামীৰ লগতে একে চিতাতে উঠি সংস্কাৰ ল'ব পাৰে। মুক্তিতীৰ্থত বাজে আন ঠাইত বামুণীয়ে ফাঁচ লাগি মৰা, পানীত ডুবি মৰা, বাহী হোৱা, ক্ষয় বা কুষ্ঠ ৰোগত মৰা শ’ৰ অনুগমন কৰিব নোৱাৰে।
বহু পুত্ৰৱতী, ৰজলা, পতিতা, দন্দুৰী আৰু অসতী তিৰোতাৰ পক্ষে সহমৰণ নিষিদ্ধ। কিন্তু শ’ এদিন ৰাখি যদি অনুগমন কৰিব পাৰে, তেনেহ'লে নিষিদ্ধ নহয়। (২।৫।৩০২-৪)।
স্বামী বিদেশত মৰণ ঘটিলে যি বয়-বস্তু ওচৰত থাকে, সেই বস্তু বুকুত লৈ অনুগমন কৰা ক্ষত্ৰিয় আদি তিনি বৰ্ণৰ পক্ষে আছে। (২।৫।৩০৭)। শূদ্ৰ আৰু বৈশ্যৰ তিৰোতাই অত্যন্ত প্ৰেমৰ দ্বাৰা উত্তেজিত হৈ অনুগমন কৰিব পাৰে।
ভাবানুৰঞ্জিতা বাথ বা সতী শূদ্ৰা ভবেৎ ক্কচিৎ।
তস্যানুমৰণং কুৰ্য্যাৎ বৈশ্যাস্য চ বিধিস্মৃতঃ॥ (২।৫।৩০৮)
অশ্বক্ৰান্ত তীৰ্থত প্ৰায়োপবেশনত (লঘোণ দি) মৃত্যু ঘটিলে স্বৰ্গপ্ৰাপ্তি হয়। (২।৩।৪৭)।
“কুমাৰীং ভজয়েত্তত্ৰ জাগৰ কাৰয়েন্নিশি।
মাহাত্ম্যঞ্চ মহাদেব্যা গীতিকাম্বাপি কাৰয়েৎ॥
ধ্যায়ং স্তবন্ পৰাং দেবীং প্ৰেৰয়েদ্ৰজনীং বুধঃ।
মাসি মাসি তথাষ্টম্যাং চতুৰ্দ্দশ্যাৎ বিশেষতঃ।
মুক্তি মণ্ডপিক তীৰ্থত (২।৭।২২১) কুমাৰী ভোজন কৰালে মহাপূণ্য হয়।”
বিষ্ণু মাহাত্ম্য—‘কালিকা পূৰাণ’ আৰু ‘যোগিনীতন্ত্ৰ’ দুয়ো গ্ৰন্থতেই অশেষ
দেৱ-দেৱীৰ পূজাৰ ক্ৰম আছে। তাৰে প্ৰধান প্ৰধান প্ৰক্ৰিয়াবোৰৰ চমুকৈ
ওপৰত উল্লেখ কৰা হৈছে।