মহিমা” (কা. বু. ১২০)। এই পাহাৰত বাস কৰিলে ক্ষয়ৰোগ হয় বুলি শাস্ত্ৰত নিৰ্দেশ আছে (যো. ত.)।
বায়ুকূট আৰু চন্দ্ৰকূটৰ মাজত গোদন্ত পৰ্বত, অৰ্থাৎ অশ্বক্ৰান্তৰ উত্তৰে সৰু সৰু চাৰিটি পৰ্বতৰে এটি গোদন্ত। “তাৰ তিনিখনি পৰ্বত এৰি সীতাকুণ্ডৰ ওচৰত যি পৰ্বতখনি আছে তাতে জটাধৰ গোসাঁই আছে। অশ্বক্ৰান্ত আৰু সীতাকুণ্ড দুইৰ মধ্যত এক নিজৰা আছে। তাৰ নাম সন্তানন্ধৰা। তাত স্নান কৰিলে নিঃসন্তানৰ সন্তান হয়” (কা. বু. ১২৯ ), (যো. ত. ২. ৩. ৫. ২. ৪. ১২)। গোদন্ত পৰ্বতত বাস কৰিলে মানুহ পাপী হয় বুলি শাস্ত্ৰত কোৱা আছে।
‘অশ্বক্ৰান্তত জনাৰ্দন অৱস্থিত’— এই প্ৰসংগত অসমৰ খ্যাতনামা অন্যতম পণ্ডিত ড॰ বাণীকান্ত কাকতিদেৱে তেখেতৰ ‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা’ত লিখা ‘সৰ্বতীৰ্থ সমন্বয়ঃ’ কথাখিনিৰ কিয়দাংশ উল্লেখ কৰা হ'ল—
‘যোগিনী তন্ত্ৰ’ত যিমানবোৰ তীৰ্থৰ নাম আছে, সৰহ ভাগৰেই নাম ভাৰতৰ আন আন ঠাইৰ তীৰ্থৰ নামৰ লগত মিলে কাৰণে বহুত সময়ত সন্দেহ হ’ব খোজে গ্ৰন্থকাৰে অসমৰ তীৰ্থৰ কথা কৈছে নে ভাৰতত আন আন ঠাইৰ তীৰ্থৰ কথা কৈছে। কিন্তু পৰিপাৰ্শ্বিকতাক লক্ষ্য কৰিলে বুজা যায় সেইবোৰ অসমৰেই তীৰ্থ। নাম সৰ্বভাৰতীয়। যেনে— গঙ্গা, নৰ্মদা চন্দ্ৰভাগা আদি অসমৰ নৈ। কামাখ্যাৰপৰা যি ধাৰা ওলাইছে, তাৰ নাম গঙ্গা।
পাণ্ডুনাথৰপৰা ওলোৱা ধাৰা নৰ্মদা।
ব্যাসকুণ্ডৰপৰা ওলোৱা ধাৰ চন্দ্ৰভাগা॥ ইত্যাদি।
(২। ৫। ৫৮—৬৭)
কামৰূপৰ প্ৰধান প্ৰধান পুৰুষ দেৱতাৰ ক্ষেত্ৰ মাত্ৰেই শিৱৰ ক্ষেত্ৰ। শিৱ বা বিষ্ণু বুলি ভেদভাৱ নাই। যেনে নীলাচলত কামেশ, ভষ্মাচলত ভয়ানন্দ, চন্দ্ৰকূটত মাধৱ, মঙ্গলাত ত্ৰ্যম্বক, অশ্বক্ৰান্তত জনাৰ্দন, গোদান্তত জটাধৰ, ধবলাত পিনাকী, উৰ্বশীত মধুসূদন।
‘যোগিনী তন্ত্ৰ’ত বিষ্ণুক জনাৰ্দন বুলি নিৰ্দেশ কৰা হৈছে। জনাদন ক্ষেত্ৰ মাথোন তিনিটা বুলি উল্লেখ আছে (১) অশ্বক্ৰান্তত কল্কিৰূপী জনাৰ্দন (২। ৩। ৩০); (২) নন্দন পৰ্বতৰ পশ্চিমে বৌদ্ধ জনাৰ্দন (২। ৫। ২২১); হাজোত (অপুনৰ্ভব ক্ষেত্ৰত) হয়গ্ৰীৱ জনাৰ্দন (২। ৯। ৩২)...। ”