পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত

 

অশ্বক্ৰান্ত অঞ্চলটো : ভৌগোলিক দৃষ্টিৰে

 

 অশ্বক্ৰান্ত দেৱালয়খন কামৰূপ জিলাৰ শিলাসিন্দুৰীঘোপা মৌজাৰ উত্তৰ গুৱাহাটীত মহাবাহু ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰতে থকা অশ্বক্ৰান্ত পাহাৰত (অশ্বকূট) অৱস্থিত। ইয়াৰ উত্তৰে আউনীআটি সত্ৰ, পূবে আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ নদ আৰু পশ্চিমে উত্তৰ গুৱাহাটীৰ মাজগাঁও, দিহিংসত্ৰ আদি ঠাইবোৰ।

 অশ্বক্ৰান্ত পাহাৰৰ মাটি ৰঙচুৱা, শিলাময় আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিলো ঠায়ে ঠায়ে আছে। পাহাৰৰ ওপৰত বিভিন্ন ধৰণৰ গছ-গছনিও আছে। তাৰ ভিতৰত বেলগছ আৰু কঁঠালগছ বেছি। অশ্বক্ৰান্ত দেৱালয়ত সোমালেই বাটতে বৰ ডাঙৰ প্ৰাচীন গছ-গছনি কিছুমান দেখিবলৈ পোৱা যায়।

 অশ্বক্ৰান্ত পাহাৰৰ উত্তৰে গাতে লাগি থকা চন্দ্ৰকূট পাহাৰৰ ওপৰত বৰ্তমান উত্তৰ গুৱাহাটী নগৰত পানী যোগান ধৰাৰ কাৰখানা পতা হৈছে। এই চন্দ্ৰকূট পাহাৰত থকা কাৰখানালৈ অহা আলিবাটেৰেও অশ্বক্ৰান্ত দেৱালয়লৈ আহিব পাৰি। পূব আৰু দক্ষিণ ফালেৰে ব্ৰহ্মপুত্ৰৰ বুকুলৈ নামি যাব পৰা বাট আছে। দেৱালয়ৰ প্ৰৱেশদ্বাৰত থকা বাটচ'ৰাটো পশ্চিমফালে। পশ্চিমে আমিনগাঁও আৰু আন হাতে উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চল, আৰু মালাকাটা, তেজপুৰ, বৰপেটা, ধুবুৰী আদিলৈও যাব পৰা ৰাস্তাৰ সুবিধা আছে। উত্তৰ গুৱাহাটী— গুৱাহাটীলৈ অহা-যোৱা ফেৰীঘাট দেৱালয়ৰ পশ্চিমে। বৰ্তমান অশ্বক্ৰান্তলৈ ফেৰীৰেই অহা-যোৱা বিশেষ সুবিধাজনক।

 ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। অশ্বক্ৰান্ত পাহাৰৰ পূব ফালৰপৰা মণিকৰ্ণেশ্বৰ, উমানন্দ, উৰ্বশী, কৰ্মনাশা আৰু শুক্ৰেশ্বৰ— এই পাঁচখন পাহাৰৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰেদি নাচি নাচি উঠি অহা সূৰ্যোদয়ৰ দৃশ্য দেখিলে মন-প্ৰাণ হৰে। পশ্চিম ফালৰপৰা আবেলি কামাখ্যা আৰু চিলাপাহাৰৰ মাজেৰে