পৃষ্ঠা:Assam Buranji.djvu/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫

কৰি লই; কোনােএ তাতে কাঠৰ চলিয়া পাটকে লই ; এবং আঠুআ লব নেপাই, খৰম পাইজাৰ ইয়াকো লব নেপাই, বুলনি ঢৰাহে লই; চৰিয়া পিক পেলােআ ইয়াকো ধাতুৰ লব নেপাই, কাঠৰহে লব পাই; বেৰা কাঁহি মাই- হাম ইয়াত বেৱহাৰ কৰিব নেপাই, কাঁহৰ বান বা কাঁহি ইয়াত বেৱহাৰ কৰে। এবং ডঁৰিকা দুআৰৰ বাজ খনৰ বুজ বিচাৰৰ কর্তা বৰ বৰুআ, এই কাৰন বৰ বৰুআৰ নিত পৰ; ঐ দুআৰৰ ভিতৰ খনিৰ বুজ বিচাৰৰ কর্তা ঢেকিয়াল বৰুআ, এঁওৰো নিত পৰ। আৰু চৰাতে বৰ বৰুআ জিটো খুঁটাতে বহে, সেইটো খুটাৰ দখিন ফালে নাওবৈচা ফুকন বহে; ইয়াৰ দখিনটো খুঁটাতে উতৰ ফালে ডেকা ফুকন, দখিন ফালে দিহিঙ্গিয়া ফুকন বহে; পচিম ফালে ঐ বৰ বৰুৱা বহাৰ খুঁটাটৰ পচিমটো খুঁটাতে ন ফুকন বহে ; এইটো খুঁটাৰ উতৰৰটো খুটাতে ভিতৰুআল ফুকন বহে; ন ফুকন বহাটৰ দখিনটো খুটাতে নেওগ ফুকন বহে; কিন্তু বৰ খুঁটাতকৈ ভিতৰ ফাললৈ আগ বাৰ্হি সােমাই বৰ বৰুআদি কোনাে বহিব নেপাই, ঐ বৰ খুঁটাকে সিমা কৰি ফকামৰ কোঠাত পথলিয়াকৈ মেলা কঠতহে বহে। আৰু দখিন টুপৰ পুব ফালে টুপৰ জোৰাৰ খুঁটাৰ দখিন পুব কোনতে চাঙ্গৰুঙ্গ ফুকন বহে ; এঁওৰে দখিনেই নিয়াই সােধা ফুকন বহে। এই টুপৰ জোৰাৰ খুঁটা ও তাৰে