পৃষ্ঠা:Assam Buranji.djvu/৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯১

তিনি লৰি গোঁহাঁই ও ৰজা জোঁআইক বাজকৈ নাওসলিয়া ফুকন, তামুলি ফুকন, এই কেই জনে ৰুপৰ চুলাত বাজ দ্রব্যলৈ জনাব লাগে, দিলেহে লব পাৰে । খেৰ বিচনিও এই ৰুপ। ইতৰ সকলে হলে ৰুপৰ চুলালৈকে জনাব লাগে । অপৰ বৰ ভণ্ডাৰ বৰুআৰ নামেৰে চমুআ ফুকন বৰুআ জন কিচুএ ভিতৰলৈ জাঁওতে, বৰ ভণ্ডাৰ বৰুআই ভৰি থোৱা খুঁটাটোৰ পচিমটো খুটাতে ভৰি ধোএ। ইতি।

 বৰ চৰাত সৰ্গদেও বহাত জি কোঠাত সৰ্গদেও বহে, সেই কোঠাৰ পৰা দখিনলৈ মাজত একোঠা এৰি, তাৰ ওচৰৰ কোঠাত চতিৰ তলতে দুই খুঁটাৰ মাজত পুব ফালৰ পৰা লানিকৈ বুৰা গোঁহাই, বৰ পাত্ৰ গােহাঁই, বৰ গোহাঁই, এই তিনি জনা বহে; সুদা মাটিতে আগ ফাললৈ পিক চোবা পেলাই। বৰ গােহাঁই ডাঙ্গৰিয়াৰ বাম কাসৰে পৰা সদিয়া খােআ, সলাল, মৰঙ্গি খােআ, এই তিনি বহে। কিন্তু কোনাে সময়ত ইয়াতে বিপৰিতো হই; কোন সময়ত গোটেইটো চতিৰে পুব খুঁটাৰে পৰা দখিনলৈ ক্রমে তিনটা খুটাত, বুৰা গোহাঁই আদি তিনি জনা বহে। তেতিয়া সেইটো চতিৰে পচিমটো খুঁটাৰে পৰা দখিনলৈ লানিকৈ বৰ বৰুৱা আদি ফুকন ৰাজ খােআ সকল বহে। এই ক্রমে বহাত দাঁতিয়লিয়া তিনি জনা চৰাৰে দখিন টুপৰে জোৰাৰ চতিৰ পুবৰটো খুঁটাতে, খাইলাতৰ খুঁটাতে, ঘৰিয়াল ধৰা