পৃষ্ঠা:Assam Buranji.djvu/৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৯

ফুকনৰ আগত চমু ফুকন সকল বাট এৰি দি আতৰি জাই। এবং দাঁতিয়লিয়া তিনি গােঁহাই ও মেলখােআ গোহাঁই দেও সকলৰে জদি চমুৱা ফুকন ভেঁটা ভেঁটি হই, দোলাৰ পৰা নামে, দোলাও কিছু কাসৰিয়াকৈ নি জাপি আৰ দিএ। বৰ ভণ্ডাৰ বৰুআ সকলে হলে বৰ বৰুআৰ আগত দোলা লুকাই নামি দেখা দিএ । মেলখোআ গোঁহাই ও দাঁতিয়লিয়া গোঁহাই দেও সকলৰ আগতো এয়ে ক্রম ; চৰাৰ ফুকনৰ আগত হলে জাপি আৰ দি বাট এৰি এৰি জাব পাই ; ইতৰ ফুকন বৰুআক চাঙ্গিৰে জোআ চৰাৰ ফুকন লোকে দেখিবলৈ পাব নেপাই। ইতি।

 চমুআ ফুকন কেই জনাই ঘৰৰ পৰা অহাত আগত ৰুপৰ চুলাৰে পানি জাপি, টুপি জাপি, খেৰ, পাখি বিচনি,দিঘল নালেৰে ঘুৰনিয়া বিচনি, ৰুপৰ বেৰিৰে লাখুটি, ইয়াকে লৈ আহে। দোলাকাসৰিয়া চৰাৰ টুপৰ চৰাৰ ফুকনে ভৰি ধোআটো খুঁটাৰ নাম পচিম ফালৰটো খুঁটাৰ গুৰিতে লাখুটি ধুই ভিতৰলৈ জাই; সেই ভৰি ধোআৰ পােনে সেই চৰাৰ পচিম বাৰতে পানি জাপি আৰি থই। বটত অহাত তিনি বৰ ভণ্ডাৰ বৰুআৰে ভেঁটা ভেঁটি হলে, বৰুআ একতিয়া হৈ ফুকনক বাট এৰি দিব পাই, ইতৰ ফুকন বৰুআই জাপি আৰ দি আতৰি জাব পাই ; আৰু বৰ ভণ্ডাৰ বৰুআ তিনিক ইতৰ ফুকন বৰুআই দেখা দেখি হলে, এফলিয়া হৈ বাট এবি

১২