পৃষ্ঠা:Assam Buranji.djvu/৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৭

ৰাজুআ বনুআ তামুলি পাঁচনিহঁতে তামােলৰ হাঁচটি, চোঁঅৰ বিচনি, পিকবান আদি লৈ সৰ্গদেৱৰ ওচৰত বহেগৈ। তেতিয়া লিগিৰা ওচৰত থাকিব নেপাই, কেৱল তামুলি লিগিৰাটি মাত্ৰ লুকাই ওচৰতে থাকে। আৰু ওজা লিগিৰাৰ লগতে কুকুৰা চোআ বৰুআ বহেগৈ; এবং পচিম খন চালিৰ দখিনে মুৰে জে এখনি চালি থাকে, তাৰ তলতে নাপিতৰ ওজা এটা দুই তিনি জন নাপিতে সহিতে গৈ বহিব পাই। পাচে কুকুৰা চোআ বৰা এটাগৈ বৰ বৰুআ গএৰহ চৰাৰ ফুকন সকলক মেললৈ জমাই আনেগৈ ; সেই সকল আহি বহিলে মজুমদাৰ বৰুআই ডাঙ্গৰিয়া সকলক চৰাৰ পৰা আনেগৈ ; ডাঙ্গৰিয়া সকল বহিলেহি মেল কৰে। ডাঙ্গৰিয়া সকল চৰাত বহোঁতে বৰ বৰুআ সততে অকলে বহোঁতে জি জি ঠাইত বহে, তাৰ ক্ৰম পৰে লিখা জাব। কিন্তু ডাঙ্গৰিয়া সকলৰ বৰ ঘৰৰ টুপৰ পৰাও জেতিয়া ভিতৰলৈ নিএ, তেতিয়া ডাঙ্গৰিয়াৰ মানুহ লগত জাব নেপাই ; হাচটি, বিচনি, তলচা, ইও বৰ বৰ টুপতহে থাকে, কুকুৰা চোআ বা কিম্বা বাজ গলিয়া লিগিৰা এটাই কেৱল কাপৰ খন নি দিএ, তাতে ডাঙ্গৰিয়া বহেগৈ। ইতি।

 বৰ বৰুআ ঘৰৰ পৰা অহাত দুফালে দুই লাৰি টাঙ্গন ধৰা আহে। আগত ৰুপৰ চুলাতে পানি জাপি, টুপি জাপি, খেৰ, পাখি বিচনি, পাঁচনি হতিয়া বিচনি, সেই আগ খৰা