পৃষ্ঠা:Assam Buranji.djvu/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬

ৰিয়াৰে কথা বার্তা হােআত, বৰ ঘৰ টুপত সৰ্গদেও বহা কোঠালিৰ পুব ভাগৰ উতৰ ফাললৈ সােমাই, ৩ জন বৰভণ্ডাৰ বৰুআ বহে, এবং সেই মৰ্জদা পালে আনাে বহে। এই তিনিৰ দখিনে সেইটো কোঠাৰে টুপৰে জোৰাৰ চতিৰ পুব মুৰৰ খুঁটাৰ পৰা টুপলৈকে জুৰি উতৰা দখিনা সাৰিকৈ চৰাৰ ফুকন সকল বহে। ঐ চমুআ ফুকন কেই জনা হলে সেইটো চতিৰে পচিম মুৰৰ খুঁটাৰ ওচৰৰে পৰা টুপলৈকে জুৰি উতৰা দখিনা সাৰিকৈ বহে। ডাঙ্গৰিয়া সকলে বহাত সৰ্গদেৱৰ সমুখে ঐ চমুআ ফুকন সকলৰ ওচৰৰ পৰা পুবলৈ জুৰি পুবা পচিমা সাৰিকৈ উতৰলৈ মুখকৈ টুপতে বহে। ওজা লিগিৰা ও অবনুআ লিগিৰা পচিম খন চালিৰ তলত বহিব পাই, ইতৰ বৰুআফুকন পুবৰ খন চালিৰ তলত বহিব পাই; বনুআ কেইটা লিগিৰা সৰ্গদেৱৰ ওচৰতে খাটৰ পচিম ফালে থাকে, টুপৰ জোৰাৰ ঐ চতিৰ দখিন হৈ টুপলৈ ওলাই বহিব নেপাই। ইয়াতে জদি বৰ মেল হই, তেতিয়া হলে প্রথমে সৰ্গদেও ওলাই সেই খাটত বহিলেই ঐ চমুআ ফুকন এজনাই মেল মাতিবলৈ ওজা লিগিৰাত আজ্ঞা কই, ওজা লিগিৰাই কুকুৰা চোআ বৰাত আজ্ঞা কই, কুকুৰা চোআ বৰাই বৰ বাট ঘৰত থকা কুকুৰা চোৱা বৰুআ ও পাঁচনি বৰাত আজ্ঞা কই; আৰু বৰ বাট ঘৰৰ ভিতৰ টুপৰ আৰ ঢৰা গুচাই দিএ, পাচে