বহে; কিন্তু কাপৰৰ মচুলা নাই। জদি ডাঙ্গৰিয়া আগ হৈ বহাত বৰ বৰুআ বা চৰাৰ ফুকন কোনাে জনা পাচে আহে, তেতিয়া বৰ বৰুআ হলে ঢৰা আৰ দি, ই কেই জনা হলে মানুহৰ আৰতে চৰাৰ দখিন টুপে ভৰি ধুই, খেৰত আই চোঙ্গাই চৰাৰ মাজেই গৈ, ঐ ক্ৰমে পচিম ফালে মেলা কঠত বহেগৈ । কিন্তু সৰ্গদেৱৰ আজ্ঞাৰে কটকি গৈ নেমাতিলে, নগৰলৈ ডাঙ্গৰিয়া সকল নাহে; এবং সৰ্গদেৱৰ আজ্ঞা নহলে কোনাে বৰুআ ফুকন আদি সৰকাৰি কামৰ লােক ডাঙ্গৰিয়া সকলৰ ঘৰলৈ জাব নেপাই। আৰু নিমন্ত্রন মতে কাজত ডাঙ্গৰিয়া , সকল আহিলে, বিদাইৰ সময়ত বটাৰে পাতলি তামােল বটা ঢকাৰে ঢাকি ভিতৰ তামুলিএ সজাই দিও, হেঙ্গদানধৰাই নি ডাঙ্গৰিয়া সকলক দিব পাই; তাকে দিলেই এক খ্যনাে বিলম্ব নকৰি ডাঙ্গৰিয়া সকল উঠি জাব পাই। আৰু ডাঙ্গৰিয়া সকল ভিতৰৰ বৰ ঘৰৰ টুপলৈ জাব লাগিলে, আগে বৰ বৰুআ বৰ ঘৰৰ টুপলৈ জাব পাই; পাচে ডাঙ্গৰিয়া সকল ভিতৰলৈ জাই। জখলা মুখৰ মাটিতে সুদা লেকামেৰে ভৰি ধুই সোমাই জাই; লগত খাটনিয়াৰে পাখি বিচনি, খন নিএ, তামুলি হাঁচটি খন নিএ, টেকেলা বৰাই খালি তলচা খন নিএ, বৰ ঘৰ টুপতে তলচা দিএ, ডাঙ্গৰিয়া তাতে বহেগৈ। এই ৰুপে সৰ্গদেৱে ডাঙ্গ-
পৃষ্ঠা:Assam Buranji.djvu/৮৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৫