পৃষ্ঠা:Assam Buranji.djvu/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৩

দেখা দেখি হলে সৰ্গদেও হাতিত উঠি গলে ডাঙ্গৰিয়াও হাতিত উঠি দেখা দিব পাই; সর্গদেও দোলাত বা ঘােৰাত গলে, ডাঙ্গৰিয়াও ঘােৰাত উঠি বা কেপ কৰা তলচাৰ নুৰাতে উঠি দেখা দিব পাই। আৰু ৰাজমাওঁ দেও, ৰৰ জনা আই কুঁঅৰি দেও, পৰ্বতিয়া আই কুঁঅৰি দেও, এই কেই জনাক সৰ্গদেৱৰ দৰেই সকলোৱে সম্মান কৰে, কিন্তু সিঙ্গৰি ঘৰ উঠিলেহে ডাঙ্গৰিয়া সকলে সেৱা কৰে। দাঁতিয়লিয়া ডাঙ্গৰিয়া ৩ তিনি জনাৰে বাটত সৰ্গদেও ভেঁটা ভেঁটি হােআতো এই ক্রমেই। আৰু চাৰিঙ্গিয়া তিপমিয়া আদি মেল খােআ গােহাঁই দেও সকলেৰে তিনি জনা ডাঙ্গৰিয়া ভেঁটা ভেঁটা হলে দোলাতে থাকি, ডাঙ্গৰিয়া সকলক গোহাঁইদেও সকলে বাট এৰি দিব পাই। দাঁতিয়লিয়া তিনি জনাৰে জদি ঘাই তিনি জনা ভেঁটা ভেঁটি হই, তেতিয়া গােহাঁইদেও সকলৰ দৰেই দাঁতিয়িলিয়া তিনি জনাই ঘাই তিনি জনাক বাট এৰি দিব পাই। যদি দাঁতিয়লিয়া তিনি জনাৰে ঐ মেল খােআ গোঁহাই সকল ভেঁটা ভেঁটি হই, তেতিয়া বাট এৰি দিয়া দিকৈ জাই; জিহেতু সৰ্গদেৱৰ নিজ ভাই বা পো এনে মেল খোআ গােঁহাই দেও সকলক সকলেই বৰ্হাই গৌৰৱ কৰে।বৰ বৰুআ , বৰ ফুকন প্রভ্ৰিতি চৰাৰ ফুকন ও খেৰ বিচনি, লোজা চমুৱা ফুকন আদি সকলোএ চাঙ্গিৰ পৰা নামি তিনি জনা ডাঙ্গৰিয়াক দেখা দিব পাই; চাঙ্গি লুকাৱ পাই।