পৃষ্ঠা:Assam Buranji.djvu/৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আসাম দেশৰ ডাঙ্গৰিয়াগান প্রভ্ৰিতি

বিসয়াৰ নিবন্ধ।

 সম্প্রতি মৰ্জনাদুনুসাৰে বিসয়াৰ নাম লিখা জাই। জি জি একে মৰ্জদাৰ সেই সকলক একে চেদৰ মাজতেই লিখা জাব ; তাতেলিখাৰ আগ পাচ ক্রমেই মর্জদাতাে আগ পাচ আছে, সেই আগ পাচকে চেদে চেদেও, এবং চেদৰ মাজত লিখা সকলােতো বুজিব।

 বুৰা গােহাঁই, ও বৰ পাত্ৰ গােহাঁই, ও বৰ গােহাঁই, এই তিনি জনাৰ একে মৰ্জদা ; কেঁকোৰা দোলা, আৰোআন বাঁহৰ উকা, মাজ পোনে নালতে একো খনি গামোচা বন্ধা, সােনৰ চুলাৰে পানি জাপি, টুপি জাপি, পাখি বিচনি, দুখনৰ দৰে নাল লগা ঘুৰনিয়া বিচনি, কেপ কৰা তলচা। কিন্তু ঘৈনি সকলে এইবােৰ দ্ৰব্যৰ একোকে নেপাই, কেৱল পহিঁচাঙ্গি ও ডালবৰৈ লগা সােনৰ চুলাৰে সিয়া জাপি, ইয়াকে পাই। ঐ তিনি জনাৰে জি জনা ৰাজমস্ত্রি হই, ৰাজহত অগ্ৰসৰ ৰূপে ফুৰে, ও জকাইচুকিয়া নামক মানুহ এক হাজাৰ পাই, ইয়াত বাজে একো লৰ নাই। সদিয়া খােআ গােহাঁই, সলাল গোহাঁই, মৰঙ্গি খােআ গােহাঁই, এই তিনি জনাক দাঁতিয়লিয়া গোহাঁই বােলে; সি তিনি জনাতকৈ কিছুমান কম। বৰ