পৃষ্ঠা:Assam Buranji.djvu/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭

৭॥ টকা ৭॥ টকা দিবলৈ লগালে। আৰু সাইৰাত মহাল নাম দি জত হাট ঘাট বিল ফাট বাট পুর্বৰ কাটলুআ আচিলে, সকলােবােৰ ১৭৪৯ সঁক পর্জন্তে ৰাজ সৰকাৰৰ দৰেৰেই ৰাখিচিলে ; ১৭৫০ সঁকৰ পৰা লিলাম ডাকি খাজনা প্রতি বচৰ লগাইচিলে। ঐ পিয়ল কৰাই খাতােল সহিতে মাটি মিৰি বাজকৈ ওপৰত লিখা কেও ৰকম খাজনাৰ পাইক প্রথমে জমা কৰে, ৫৬৯ গােট অহমিয়া চিপাহি সহিতে মােট ১৮০৫১ গােট।

 পৰে ১৭৫৪ সঁকৰ সেস চত মাহত শ্ৰীশ্ৰীজুত কুম্পানি বাহাদুৰে উপৰি উক্ত পুর্বৰ ৰজা শ্ৰীশ্ৰীপুৰন্দৰ সিংহ সৰ্গদেৱকে কুম্পানি সৰকাৰলৈ প্রতি বচৰ ৫০,০০০ পঞ্চাশ হাজাৰ টকা লালবন্দি ৰুপে দিয়াকৈ, কেৱল জুনিয়ৰি মােতালকতে পুলিটিকেল এজেন্ট সাহাবক গুচাই, ৰাজত্ব দিলে। কিন্তু পুলিটিকেল এজেন্ট সাহেবেই ঐ লালবন্দি লােআৰ গৰাকি হৈ উভই সৰকাৰৰে সকলাে কথাৰ দ্বাৰ ৰুপে পল্টন সহিতে বিস্বনাথত থাকিলগৈ ; এই হেতুকে উতৰ পাৰে জি জুনিয়ৰি চুনিয়ৰি দুই মোতালকৰ ভৰলি নদিএই মধ্য সিমা আচিলে, সেই সিমা উঠাই বিস্বনাথৰ ওপৰে কচু জানকে সিমা কৰিলে। আৰু সৰ্গদেৱক তক্ত দিয়া কালত ৰজা হােআ কালে বৰ বৰুআই জি ৰুপে নিতি প্রভিতি জনাই ও বুজাই, সেই ৰুপে শ্ৰীজুত মেজেৰ আদম ওআইট পুলিটিকেল এজেন্ট