পৃষ্ঠা:Assam Buranji.djvu/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬

লিকচৌ ৫টা, এতদৰ্ধ লগুআ ২।টা, একুনে ৭।টা গােট, হাজৰকিয়াৰ সেই দৰে ৭।টা, সইকিয়াৰ ৫টা, পাঁচ কুৰিত সইকিয়াৰ গাৰ কুৰি সহিতে ৫ বৰাৰ ১। পােআৰ দৰে ৬। বাৰিক। মােটত এই ২৭টা। আৰু পাইকৰ গােটত ৩ জন থাকে, একো জনক পােআ বোলে। এই সাহাবানৰ দিনত পােআ পাইকৰ ২ পুৰা মাটিৰ দৰে গােটে ৬ পুৰা হই; এই নিৰিখত কৈ জি পাইকে বৰ্হাই মাটি খাই, সেই বৰ্হা মাটি খনি কাটনি হই; এবং অপাইকান চমুআই খােআ মাটি তাৱত খনি এই কাটনি ; এই কাটনি মাটিৰ পুৰাত ১ টকাৰ দৰে খাজনা লগালে। কিন্তু তজবিজ মতে সাবুদি দেৱোতৰ ব্ৰহ্মোতৰ নানকাৰ নাখেৰাজ মাটি জি খনি হল, তাৰ পুৰাত।। আধলিয়া দৰে খাজনা লগালে। আৰু সৰকাৰি খাতৰ জি খনি খাতোআল পাইক, সেই পাইকৰ গোটত ১৭৪৯ সঁক পর্জন্তে ১৫০ পুৰা ধান ধৰি তাৰে অনা বনা বেচ বুলি ৩০ পুৰা বাদ দি, বাকি ১২০ পুৰাৰ দৰে ২২।। মােন চাউল লগালে ; চাউল দিব নােআৰিলে মােনে টকা দৰে, গােটে ২২৷। টকা দিব লাগে। কিন্তু ১৭৫০ সঁকৰ পৰা গােটে ১৮০ পুৰা ধানৰ দৰে অনা বনা বেচ নিদি, গােটে ৩৩ মােন চাউল বা ৩৩ টকা লগালে। আৰু পাইকত বাজে জি খাতত গৰু মহ থাকে, তাৰ গৰুৰ হালত মহৰ গােটত ধান একে নিৰিখে ৪০,৪০ পুৰা দৰে ৭।। মােন ৭।। মােন চাউল,