পৃষ্ঠা:Assam Buranji.djvu/৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩

খণ্ডক চুনিয়ৰি মোতালক, ও উজনি খণ্ডক জুনিয়ৰি মোতালক বুলিচিলে। পাচে সৰ্গদেও সকল দিনৰ দৰে ফুকন বৰুৱা কাকতি কটকি খাওন্দ সভা পণ্ডিত, এবং ভগা বৰ ফুকন বৰ বৰুআ সকলোকে সেই সেই নামেৰে জোগ্যানুসাৰে বিতি দি ৰাখিলে। আৰু জমা স্থিৰ হবৰ নিমিতে ঐ ধনঞ্জই ভগা বৰ গোহাঁই, ও বুৰা গোহাঁই পবিয়া পিজৌ ভগা দিহিঙ্গিয়া ফুকন, ও চিৰিঙ্গৰ কাসিনাথ চেটিয়া ফুকন ও বঙ্গালি চন্দ্রাব ৰাই, এই সকলক বৰ কাকতি, পাখি কাকতি আদি মানুহ লগত নিবন্ধ কৰি দি, জুনিয়ৰি মােতালক তাৱত খনিকে এজেন্টি মােতালক বাজকৈ পিয়ল কৰালে। এই জুনিয়ৰি মােতালকৰ ওপৰে উতৰ পাৰে দিহাঙ্গ দিবাঙ্গ নদিএ পচিম সিমা, ও দখিন পাৰে বুৰি দিহিঙ্গ নদিএ দখিন ও পচিম সিমা, এই ৰুপে সিমা পাতি, ওপৰ খণ্ড এজেন্টি মোতালক কৰি প্ৰিথকাই ৰাখিলে। এই এজেন্টি মােতালকৰ ভিতৰতে মটক, খাম্‌তি, চিংফ, নগা, আবৰ, মিচিমি, সদিয়া ইত্যাদি অনেক জাত অনেক গ্রাম আচে। আৰু চিৰিঙ্গৰ জনার্দনক বৰ বৰুআ, ও জুনিয়ৰি মোতালকতে ঐ লম্বোদৰক বৰ ফুকন পাতিলে। আৰু বৰ বৰুআক সৰকাৰলৈ তােলা ধনৰ এসত দুই টকাৰ দৰে লবলৈ কমিস্যন লগাই দি, তাৱত মােতালকৰ তচিলদাৰ অর্থাত সাধনি পাতিলে। বৰ ফুকনক ৫০ গােট লিকচৌ, ৩০০ টকা দৰমহা দি সোধৰ অৰিকাৰ পাতি, ৫০

১০