৬৬
দ্ৰব্য বস্তু ৰাজহলৈ আনিলে। আৰু ঐ অনিৰ ভায়েক ধনিক বৰ পত্ৰ পতালে, ও কপৌ মৰিয়া নৰহৰিক ভাঙ্গি ঐ নিৰ্ভয়- নাৰায়নক ৰাজমন্ত্ৰি বাবে সহিতে বৰ গোহাঁই পতালে, ও শ্ৰীনাথক ভাঙ্গি সন্দিকৈৰ ধনিক বৰ বৰুআ পতালে; নিজে মন্ত্ৰি ফুকন হৈ বুৰা গোহাঁইত খঙ্গেৰে জালৈ জাৰ নাটনি আচিলে, বুৰা গোহাঁইৰ ফলিয়া বুলি, তেনে কিচু লোকক দণ্ড বন্ধ কৰিলে। পাচে সৰ্গদেৱে মান ৰজাৰে মিত্ৰত থাকিবৰ নিমিতে তুঙ্গখঙ্গিয়া ফৈদৰে বগা কোঁঅৰৰ জিএকক আনি, জি বুলি সালঙ্ক্ৰিতাকৈ দোলা আবোআন লালিগিৰি হাতি ঘোৰা আদি দ্ৰব্যেৰে মান ৰজালৈ দিলে। অহা মানৰ সেনাপতি সকলকো জথাজোগ্যে বঁটা বাহন দি, মানৰ ফৌজক বিদাই দিলে।
পৰে ডাঙ্গৰিয়াক আনিবলৈ মানুহ পঠোআতি ঘৰ লোৰা এবং উপসকো ৰখ্যা ন পৰা সুনি নহাত, ডাঙ্গৰিয়াই মন্ত্ৰি ফুকনলৈ সংসই কৰিহে নাহে জেন ভাবি, ডাঙ্গৰিয়াই সুনি অহিৰ বুলি, বৰ গোহাঁই বৰ বৰুআই পৰামৰ্স কৰি, ১৭৩৯ সঁকৰ সাওনত ৰপচিং চুপাদাৰৰ হতুআই মন্ত্ৰি ফুকনক কটাই সৰ্বস্ব লুটিলে। তথাপি কচিনাথ ডঙ্গৰিয়াই উজাই নাহি দিহিঙ্গিয়া বৰফুকন প্ৰভ্ৰিতি সকলো ফুকন ৰাজ খোআৰে পৰামৰ্স কৰি, ৰাজেস্বৰ সিংহ সৰ্গদেৱৰ পুতেক ৰত্নেস্বৰ সৰু জনা গোহাঁই দেও, তেঁওৰে পুতেক বিজই বৰ মুৰা গোহাঁই