এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিবি; ভই পাই বৰিব। আৰু বব সৰু দুটা ঢাক দিলে বোলে সত্ৰু বাৰ্হিলে পুজা দি কোবাই মোলৈ জাননি দিবি, সত্ৰু নাস, হব। এই ক্ৰমেই খৰত কৰিলে ববখিব, ও বৰখুনত খৰ হব, ও ৰাজসিংহাসনত বজা হৈ বহাতো ঐ ক্ৰমেই কোবাই মোলৈ জাননি দিবি, তেহে বাজ সক্তি হব। আৰু কাইচেঙ্গমুঙ্গ নামে দুজুৰি কুকুৰা দিলে বোলে, ইয়াৰ ঠেঙ্গেৰে মঙ্গল চাবি, সেই মঙ্গলৰ মতে চলিবি; পাখি খনি মঙ্গল কম্মত পিন্ধিবি, তোৰ বাজ শক্তি বাহিব; মুবটকে ডৌকা দুখনকে খাবি, অসেস বুধি হব, ও চক্ৰবৰ্তি বাজা হবি, এবং প্ৰধান বাহুবলি হবি। ঐ কাইচেঙ্গমুঙ্গকেই কাইবাকফাও বোলে। আৰু খুন্তন খনবান অৰ্থাত চন্দ্ৰ সুৰ্য্য এই দুইৰ সন্তানক মন্ত্ৰি ৰুপে লগত দি অনেক নিতি নিবন্ধ সিকাই বুজাই, দেৱপণ্ডিত বৃহস্পতিৰ অংস লাউখি ও পুজাকজিব সন্তান পণ্ডিত আদি সকলো দেৱাংস প্ৰজা সহিতে বিদাই দিলে।

 পাচে সকলো জ্ঞাতি সহিতে চেমি দেওক মুৰত লৈ খুনলুঙ্গ খুনলাই দুয়ো ভায়েক হিন্দু মতৰ ৪৯০ সঁকৰ আঘোনত চবগৰ পৰা লোহাৰ সিকলিৰে নামি আহি অৰাজক একস্থান পালেহি। ঐ স্থানকে অহম মতে মুংৰিমুংৰাম বোলে; তাতেই প্ৰিথিবিৰ লোকে পৰম্পৰে লগ ললেগৈ। এনেতে খুনলুঙ্গে কাইচেঙ্গমুঙ্গক বিচাৰ কৰিলে; পাচে কোনেও আচে বুলি কব নোআৰাত খুনলাইত সোধাত বোলে, আনিবলৈ