পৃষ্ঠা:Assam Buranji.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬১

গগৈ বৰ ফুকন পলাই গলত, দিহিঙ্গিয়াৰ মেধি ১, দুঅৰাৰ সিৱনাথ ১, বুৰা চেটিয়া ১, দুঅৰাৰে ঐ সেনাপতি হৰনাথ বৰফুকনৰ পুত্ৰ ঘিনাই বদনচন্দ্ৰ ১, ক্ৰমে এই চাৰি বৰ ফুকন হল। পাচে সৰ্গদেৱে গৃআহাটিৰে পৰা কুম্পানিৰ ঘৰলৈ গুআহাটিয়া বিকা মজুমদাৰ ও দতখান্দ, দুইক উকিলকৈ পঠাই ফৌজ সহিতে মেজেৰ ওআলিচ সাহাক আনি উজাই আহি, ১৭১৫ সঁকৰ চতত মোআমৰিয়াক খেদি, ৰঙ্গপুৰ নগৰলৈ ১৭১৬ সঁকৰ সাওনত জোৰহাট বাহৰলৈ আহিল। পাচে তাতে নৰিয়া পৰি ১৭১৭ সঁকৰ ২২ সাওন ক্ৰিষ্ণা চতুৰ্থিত সৰ্গদেও স্বৰ্গি হল; ভোগ ১৪ বচৰ, ৭ মাহ, ২২ দিন। ইতি। ৩৫।

 এঁওৰ মৰনান্তে লেচাই নামৰুপিয়া ৰজাৰ পুত্ৰ আয়ুসুত গোহাঁই, এঁওৰে পুত্ৰ কদম দিঘলা গোহাঁই, এঁওৰে পুত্ৰ কিনাৰাম গোহাঁই দেওক আনি বুৰা গোহাঁই ডাঙ্গৰিয়া প্ৰভ্ৰিতি সকলোএ ৰজা পাতি সেৱা কৰিলে। আৰু সিঙ্গৰি ঘৰ মুঠিলে; সিংহাসনত বহিব নেপাই কাৰনে প্ৰথমে ৰজা হোআত বাঁহৰ চাৰি চুকিয়া খুৰা লগা হেঙ্গলাঙ্গত কাপৰ পাৰি, ৰজা পাতিব লগা জনা গোহাঁই দেওক তাতে তুলি, ডাঙ্গৰিয়া সকলত স্বৰ্গি হোআ জনা ৰজা দেৱৰ আজ্ঞা কৈ বৰ বৰুআই কই, জে সেস কালত সৰ্গদেৱে এই জনা গোহাঁই দেৱতে ৰাজ্য আগ দি গৈচে, দেওবোৰে সেৱা কৰক; এই