পৃষ্ঠা:Assam Buranji.djvu/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

৫৯

দেৱৰগাঁৱৰ ন দল উচৰ্গ কৰি, গৰ ভিতৰতে নিজ দেৱতাৰ পুজা কৰিবলৈ সৰ্গদেৱে এটা তামৰ ঘৰ কৰিলে। আৰু ৰাজমাঁও দেৱে দল এটা কৰালে; তেঁওৰ নামেৰেই বগি দল নাম হল। আৰু ৰঙ্গপুৰ নগৰৰ ভিতৰতে ইসান কোনত ফুলনি বাৰি পাতি, দল পুখুৰি কৰি দেৱালই পাতিলে। এবং ঐ আচাৰ্জ্য পহুমৰিয়া গোসাঁইৰ পুত্ৰ ডেকা গোসাঁই বৰ জনাই দল পুখুৰি কৰি গৌৰিবলভ দেৱালই কৰিলে। পাচে সগদেৱে গুআহাটিৰ অস্বক্ৰান্তত নাম জনাৰ্দনৰ দল কৰি উজনিত ৰুদ্ৰসাগৰ দেৱালয়ৰ পুখুৰিএ দলে কৰি, নৰিয়া পৰি নিজ পুত্ৰ লোকনাথ গোহাঁই দেৱক জুবৰাজ পাতি, ১৭০২ সঁকৰ ৩, আঘোন ক্ৰিষ্ণা প্ৰতিপদ তিথিত স্বৰ্গি হল; ভোগ ১১ বচৰ, ৬ মাহ, ১০ দিন। ইতি ৩৪।

 এঁওৰ মৰনান্তে এঁওৰে পুত্ৰ জুবৰাজেই ১৭০২ সঁকৰ ১ পুহত ৰজা হৈ সিঙ্গৰি ঘৰ উঠি চুহিতপংফা নাম ললে; হিন্দু মতে গৌৰিনাথ সিংহ নাম ললে। এঁৱেই ঐ পহুমৰিয়া আচাৰ্জ্য গোসাঁইৰ পুত্ৰ মধ্যম জনাত সিস্য হল। পাচে ৰুদ্ৰ সাগৰৰ দল পুখুৰি উচৰ্গ কৰিলে; ও বৈমাত্ৰি ৰাজ মাঁও দেৱে নাফুত ৰাজ মাঁও দল কৰালে, ও গৰমুৰৰ বাহৰ কৰালে। আৰু এই জনা ৰজা দেৱৰ দিনতে বাইলুঙ্গ বৰ গোহাঁইক মাৰিলত ৰুদ্ৰেস্বৰ বৰ পাত্ৰই ৰাজমন্ত্ৰি হল; মাদুৰিয়ালৰ সক জনা **নাৰায়ন ১, এঁওকে নামডাঙ্গৰ কোঠ ভাঙ্গি