পৃষ্ঠা:Assam Buranji.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫৮

পাচে ঐ সঁকৰে আঘোনত মোআমৰিয়াৰ নাহৰ খোৰা ও ৰাঘ মৰান দুয়েই মুখ্য হৈ আহি, পুৰ্বে খেদি থোআ বৰ জনা গোহাঁইদেৱক আগত লৈ দেখাই, বিনা ৰনে নগৰ জিনি লৈ, খোৰাৰ পুতেক ৰমাকান্ত ৰজা হল; বাঘ বৰ বৰুআ হল। সৰ্গদেৱক জইসাগৰৰ বৰ দলতে কএদ কৰি থলে। ঐ কুঁঐগয়া ভগি বুৰা গোহই, ও ঐ মাদুৰিয়াল বৰ জনা বৰ গোহাঁই, দুয়ো জনা ডাঙ্গৰিয়াক মাৰিলে; বকতিয়ালৰ কিৰ্তিচন্দ্ৰ বৰ বৰুঅকি সালত দিলে; পুতেকহঁতক কাটিলে, আৰু সৰ্গদেৱৰ ৮ চুকিয়া মোহৰ দেখি আমাৰ ভেদ হব লাগে বুলি, ৯ চুকিয়াকৈ মোহৰ মাৰিলে। পাচে সৰ্গদেৱেৰে সকলোএ আলচি ঐ সঁকৰে চতৰ বিহুত বাঘ, ৰমাকান্ত, খোৰা সকলোকে মাৰি সৰ্গদেৱে নগৰ ললে। সেই আপাহতেই কুঁঐগয়াৰ ঘনস্যাম বুৰা গোহাঁই হল, ও বাইলুঙ্গ বৰ গোহাঁই হল, এঁৱেই ৰাজমন্ত্ৰিও হল; মৰান বৰ পাত্ৰ হল, বকতিয়ালৰ ভদ্ৰসেন বৰ বৰুআ হল। এই ৰুপে সকল হৈএই মোআমৰা মহন্তক সপৰিবাৰে ধৰি আনি মাৰিলে; মোআমৰিয়াও বহুত এই সময়তে মাৰিলে।

 পাচে ক্ৰমে ঐ মৰানৰ পুতেক বৰ পাত্ৰ হল, এঁওৰ পাচত কেন্দুগুৰিয়া ৰুদ্ৰেস্বৰ বৰ পাত্ৰ হল; ও ভদ্ৰসেনৰ পাচত সন্দিকৈৰ এদাবৰিয়া বৰ বৰুআ হল, ও দিহিঙ্গিয়াৰ কাসি ১, লাহন ১, এই দুই ক্ৰমে বৰ ফুকন হল। আৰু