পৃষ্ঠা:Assam Buranji.djvu/৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৫৫

ৱত বিবাহ দি দেসলৈ গল। এই আপাহতে সৰ্গদেৱে বকতিয়ালৰ গেন্ধেলা বৰ বৰুআক কিতিচন্দ্ৰ নাম দি জাপিত সোনৰ চুলা ও বৰ চৰাত বহিবলৈ তলচা দিলে; আৰু পাচৰ জিয়া ৰজা পোআলি কেইটা বৰ বৰুআই জনাই লৈ, ঐ বহিয়াল বৰুআৰ তাবে দি ডাগিৰ চামিল কৰিলে। পাচে জৌতকৰ মনিপুৰিয়া মানুহ খনিক দিচৈ কাসৰতে খাত পতাই থলে। মনিপু্ৰিয়াকে এই দেসত মগল বোলে; এই কাৰন ঐ খাতক মগলুখাত বোলে। আৰু এঁও কুঁঅৰি এই খনতে এটা পুখুৰি খনালে; তাকো মগলু জিএকৰ পুখুৰি বোলে। পাচে সৰ্গদেৱে হৰগৌৰি দেৱালই কৰিলে।

 এনেতে বৰ গোহাঁই ডাঙ্গৰিয়াই চকৰিফেটি নামে এখন বুৰঞ্জি উলিয়াই, বকতিয়ালৰ ঘৰ জলমবটা বুলি কোআ সুনি, বৰ বৰুআই নৰাৰ পৰা বঙ্গহৰ মানুহ আনি দি, আচল অহম হই জেন বুজাই, সৰ্গদেৱত জনালে বোলে, বন্দি প্ৰধান হৈ খকাতে এই বেৱস্থা; আগলৈ বা কাৰ ঘৰৰ গুৰি কি লিখি থই, আৰু ৰজা ঘৰৰ বা কোন কথা কেনে দৰে লিখে; এতেকে অহম ডাঙ্গৰিয়া কাকতি কটকি জাৰ জাৰ ঘৰত জত বুৰঞ্জি আচে, সকলো খনি আনিব দিওক। এই ৰুপ জনালত সৰ্গদেৱে আজ্ঞা কৰিলে; তদনুসাৰে দেসত জাৰ জাৰ ঘৰত বুৰঞ্জি আচিলে, সকলো খনি সৰ্গদেৱে চাবলৈ বিচাৰিচে বুলি কৈ, জি কেই খন পালে তাকে চপাই লৈ, তাৰে জি কেই