পৃষ্ঠা:Assam Buranji.djvu/৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৫৩

তিথিত সৰ্গদেও স্বৰ্গি হল; ভোগ ৬ বচৰ, ১০ মাহ, ৫ দিন। ইতি। ৩২।

 এঁওৰ মৰনান্তে এঁওৰো পুতেকটি ৰজা নহল; ভায়েক সৰু জনা গোহাঁই দেও ১৬৭৩ সঁকৰ ৩০ আহিনত ৰজা হল। বকতিয়াল বৰ বৰুয়াই বিসমে বুজাই, বৰ জনা গোহাঁই দেওক নগৰৰ বাজকৈ উলিয়াই থলে। পাচে সিঙ্গৰি ঘৰ উঠি চুৰেমফা নাম ললে; হিন্দু মতে ৰাজেস্বৰসিংহ নাম ললে। এঁওৰ দিনতে লাঙ্গমাই কলিয়া ১, কুঁঐগঁয়া ভগি ১, এই দুই ক্ৰমে বুৰা গোহাঁই হল। ঐ ম্ৰিত্যুঞ্জয়ৰ পুতেক কম্বুকণ্ঠ ১, লেচেঙ্গিয়াল ১, ক্ৰমে এই দুই বৰ পাত্ৰ হল; দল বন্ধাৰ ভায়েক নুমলি ১, মাদুৰিয়ালৰ বৰ জনা ১, এই দুই ক্ৰমে বৰ গোহাঁই হল; ঐ বিজই তৰুন দুঅৰাৰ নাতি বহিখোয়া ১, এঁওৰ দদায়েক তামুলি জনা ১, এই দুই ক্ৰমে বৰ ফুকন হল; এই নুমলি বৰ গোহাঁয়েই ৰাজ মন্ত্ৰি হল; এঁও মৰিলত লেচেঙ্গিয়াল বৰ পাত্ৰ ৰাজ মন্ত্ৰি হল। আৰু ৰঙ্গপুৰ গৰগাঁও দুয়ো নগৰত দুটা পকি তলাতল ঘৰ কৰালে; এবং দুটুপিয়া বৰটো ৰঙ্গঘৰৰ ওচৰতে দল ঘৰৰ দৰে সৰুকৈ এটা পকি ৰঙ্গঘৰ কৰিলে। এঁওৰ দিনতে বহিথোআ বৰ ফুকন, ডেকা বৰ বৰুআ, লুথুৰি কাঠকটিয়া বৰুয়া, এই তিনিএ তিনটা আলি কৰিলে; কৰোআ তিনিৰ নামেই অলি তিনটাৰ নাম হল।

 এনেতে মনিপুৰ দেস মানতৰাই ললৈহি; মনিপুৰিয়া ৰজা