পৃষ্ঠা:Assam Buranji.djvu/৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৫২

অম্বিকা; এই নামেৰেও মোহৰ মাৰিলে। পাচে বায়েকৰ আদৰ্সৰেই এঁও সিৱসাগৰৰ দল পুখুৰি কৰি দেৱালই পাতিলে।

 এঁও কুঁঅৰিও মৰিলত সলাল গোহাঁইৰ জিএক এনাদৰিক আনি, সৰ্বেস্বৰি নাম দি কুঁঅৰি পাতিলে। এই নামেৰেও মোহৰ মাৰিলে; আৰু ৰাজমাঁও দেৱে দল কৰালে; এই দলকে কেৰি ৰাজমাঁওৰ দল বোলে। পাচে ১৬৬৬ সঁকৰ ২৪ আঘোন ক্ৰিষ্ণা প্ৰতিপদ তিথিত সৰ্গদেও স্বৰ্গি হল; ভোগ ৩০ বচৰ, ৩ মাহ, ১১ দিন ইতি। ৩১।

 এঁওৰ মৰনান্তে এঁওৰ পুতেকটি ৰজা নহল; ভায়েক ১৬৬৬ সঁকৰ ২৫ আঘোনত ৰজা হৈ, সিঙ্গৰি ঘৰ উঠি চুনে্নফা নাম ললে; হিন্দুমতে প্ৰমতসিংহ নাম ললে। এঁওৰ দিনত ৰাইলুঙ্গিয়া সোনাই বুৰা গোহাঁই হল, কেন্দুগুৰিয়া ম্ৰিত্যুঞ্জই বৰ পাত্ৰ হল; খামচেঙ্গ দল বন্ধা ৰাজ মন্ত্ৰি বাবে সহিতে বৰ গোহাঁই হল; বকতিয়ালৰ গেন্ধেলা বৰ বৰুআ হল। পাচে কাঠ বাঁহৰ ঘৰৰ দৰে দুটুপিয়াকৈ ৰঙ্গঘৰটো পকি কৰিলে; ও গৰগাঁও নগৰৰ দুআৰ ঘৰ কেইটা পকি কৰিলে; আৰু গোআহাটিত সুক্ৰেস্বৰত দল কৰিলে; এবং ৰুদ্ৰসিংহ সৰ্গদেও স্বৰ্গি হোআ ঠাইত দল কৰি, ৰুদ্ৰেস্বৰ নামে সিৱস্থাপনা কৰি দেৱালই পাতিলে। আৰু কামৰুপ পিয়ল কৰি কাকত পত্ৰ নিবন্ধ কৰিলে। পৰে ১৬৭৩ সঁকৰ ২৯ আহিন ক্ৰিষ্ণা নৱমি