৫১
এবং বকতা পিয়ল কৰাই, কটকিৰ ভগিৰথ টেকেলা বৰুআক কাকতিয়া নাম দিলে।
পাচে গনক জোতিসিয়া পণ্ডিত সকলোএ সগদেৱৰ চত্ৰভঙ্গ জোগ হৈ্চে বুলি জনালত, সৰ্গদেৱে গোসাঁইলৈ কলে। গোসাঁয়ে সেই সকল পণ্ডিতেৰে দিন স্থিৰ কৰি অনেক সাস্তি স্বস্থিয়ন কৰাই সৰ্গদেৱব চত্ৰ গুচাই আই কুঁঅৰি দেৱক চত্ৰ দি বৰ ৰজা নাম দিলে। এই জনা কুঁঅৰিৰে নাম ফুলেস্বৰি আৰু প্ৰাথেস্বৰি, এই দুয়ো নামেৰে মোহৰো মাৰিলে। পাচে বৰ ৰজাই গৌৰি সাগৰৰ দল পু্খুৰি কৰি দেৱালই পাতিলে। ভায়েক হৰিনাথ ঐ ক্ৰমে ডাঙ্গিৰিয়া হৈ কালুগাঁৱত বাৰি ঘৰ কৰিলে; এই হেতুক কালুৰ্গঁয়া বৰ পাত্ৰৰ ঘৰ বোলে। পাচে সগদেৱত জনাই,কালুগাঁৱত দল পুখুৰি কৰি দেৱালই পাতিলে। এনেতে সুদ্ৰ মহাজন কেতবোৰে গোসানিক নেমানে বুলি সুনি, দুৰ্গোত্সও পুজাৰ ভিতৰতে মোআমৰাৰ মহন্ত আদি জনচাৰেক মেধিক অনাই বৰ ৰজাই গোসানি সেৱা কৰাই, সিন্দুৰ, ৰঙ্গা চন্দন, বলিৰ ৰক্ত, এই সকল দ্ৰব্যেৰে ফোট দি নিৰ্য্যাল্য প্ৰসাদ লোঅই কিচু দুৰ্গতি কৰিলে। এই দুখকে অন্য মহন্ততকৈ মোআমৰাৰ ঠাকুৰে পেটে মৰন তুল্য মানি ললে।
পৰে কাল ক্ৰমে বৰ ৰজা স্বৰ্গি হলত, তেঁওৰে ভনিএক দ্ৰোপদিক সৰ্গদেৱে কুঁঅৰিকৈ আনিলে; এঁওৰে নাম দিলে