পৃষ্ঠা:Assam Buranji.djvu/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৯

পাতিলে। এই জনাৰ দিনৰে পৰা হাতিৰ জুধ ওলাল। পাচে নদিয়া সান্তিপুৰৰ ভিতৰৰ সিমলা গ্ৰামৰ গঙ্গা তিৰবাসি ভটাচাজ্যক অনাই, সিস্য হোআৰ অভিপ্ৰাই কৰি ৰাখিলে। এই জনাৰ দিনৰে পৰা বঙ্গালি গান বাজনা প্ৰবৰ্তে। আৰু এই জনা ৰজা দেৱৰে এজনা কুঁঅৰিৰ সন্তান সিৱসিংহ ও প্ৰমতসিংহ ; এজনা কুঁঅৰিৰ সন্তান বৰ জনা গোহাঁই দেও; এজনা কুঁঅৰিৰ ৰাজেস্বৰসিংহ; এই চাৰি জনা কোঁঅৰ হল।

 পাচে সৰ্গদেৱে প্ৰথম পুত্ৰ সিৱসিংহক জুবৰাজ পাতি লৈ, গঙ্গা দেবিক আপোন দেসৰ ভিতৰ কৰি লবৰ মনেৰে ফৌজ গোটাই লৈ ভটিয়াই, গুআহাটি পালেগৈ। ভাটিৰ কালসিলা বাহৰতে এজনা কুঁঅৰিৰ গৰ্ভে লক্ষিসিংহ জন্মিল; সেই জন্মা বাহৰৰ নামেৰেই এঁওকে কালসিলিয়া গোহাঁই দেও বুলিচিলে। পাচে গুআহাটিতে সৰ্গদেও নৰিয়া পৰি, ১৬৩৬ সঁকৰ ১৩ ভাদ্ৰ ক্ৰিষ্ণা দ্বিতিয়াত স্বৰ্গি হল; ভোগ ১৮ বচৰ, ৬ মাহ। ইতি। ৩০।

 এঁওৰ মৰনান্তে এঁওৰ প্ৰথম পুত্ৰ সিৱসিংহ জুবৰাজেই ৰজা হল। সিঙ্গৰি ঘৰ উঠি চুতনফা নাম ললে; হিন্দুমতে সিৱসিংহ নাম ললে। পাচে পিত্ৰি সৰ্গদেও পুৰ্বানুমতি মতে ঐ সিমলা গ্ৰাম নিবাসি ক্ৰিষ্ণৰাম ন্যায়বাগিস ভটাচাৰ্জ্যত সিস্য হল; এই হেতুকে ভটাচাৰ্জ্য গোসাঁই নাম হল। এই গো্সাঁ-