পৃষ্ঠা:Assam Buranji.djvu/৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৬

আৰু বৰকলাত নগৰ কৰি সিঙ্গৰি ঘৰ উঠি চুপাতফা নাম ললে; হিন্দু মতে গদাধৰ সিংহ নাম ললে। এঁৱেই দেসত পিয়ল কৰাই পিয়ল উলিয়ালে। পাচে চুলিকফা ৰজা হৈ থকাত জি জি ফুকন ৰাজ খোআই গদাধৰ সিংহক ৰজা পাতি ললে, সেই সকলক ৰাজ দ্ৰোহি বুলি সালত দি ভুৰ বান্ধি উটাই দিলে। সেই সালত দিয়া ঠাইকে সালমৰা মুখ বলে। আৰু বন্দৰ বৰ ফুকনক প্ৰান মাত্ৰ নেমাৰি, সৰ্বস্ব আগ্ৰহি বৰ ফুকন ভাঙ্গি ঘৰলৈ খেদিলে। তাৰে পৰা বন্দৰৰ বঙ্গহত ঐ গুৰু সাপত বৰ ফুকন সম্পতি গুচিল; ও বন্দৰ ফুকনৰ সাপতো সেই ঘৰ দখিনপটিয়া বাপুৰ বঙ্গহত তাৰে পৰা সত্ৰাধিকাৰ গুচিল।

 পাচে সন্দিকৈ ফুকনক বৰ ফুকন পাতি পঠাই, হিন্দুএ অনেক ৰুপে ধৰম প্ৰবৰ্তাই দেস নষ্ট কৰিব বুলি, মহন্ত সকলক চেউনি বচা আদি ঠায়ে ঠায়ে দুৰ কৰি পাতিলে। পাচে সৰ্গদেৱে দিজৈ খনাত সিল সাঁকো কৰি ৰহদৈ পুখুৰি, দল আলি, এবং তাতো সিল সাঁকো, ও অকাৰ আলি, দিহিঙ্গিয়া বৰ বৰুআই কৰা আলি, হলৌ ফুকনে কৰা আলি, খঁৰা দল খঁৰা গৰ, ও চৰাই দেওত গোটা দল পুখুৰি, এই সকল কৰম কৰিলে। তাৰে পৰা ৰাজ্যতো ৰজা ঘৰতো নিৰুপদ্ৰও চলিল। পৰে মঞ্চুলখা নবাবেৰে সুক্ৰেস্বৰৰ ইটা খুলিতে ১৬০৫ সঁকত জুধ হল। সেই জু্ধতে নবাবক পৰাস্ত কৰি, ৰঙ্গামাটি