৪৪
ফৈদৰ চুলিকফা ১৬০১ সঁকত ৰজা হল; এঁওকে লৰা ৰজা বোলে। এৱেই ডাউকি অলি কৰালে। আৰু সেনক ভাঙ্গি মাদুৰিয়ালৰ লাইথেপেনাক বৰ গোহাঁই পাতিলে। লুখুৰাসনৰ মবঙ্গি ১, দিহিঙ্গিয়াৰ আলন বুৰা ১, এই দুইক ক্ৰমে বৰ বৰুআ পাতিলে। ঐ সোলাক মাধভোতায়ে কাটিলত ভায়েক ভাৰ্ধৰাক বৰ ফুকন পাতিলে। এঁও পলাই গৈ বঙ্গালত সোমালত লানমাখ্ৰুৰ বন্দৰক বৰ ফুকন পাতিলে। আৰু সৰ্গদেৱে ৰাজ বঙ্গহত অতি সংসই কৰি মুখ্য মুখ্য কোঁঅৰ বুজি মাৰিবৰ উদ্যত হল; চাৰিও ফালে কোঁঅৰ বিচৰা লাগিল। এনেতে তুঙ্গখঙ্গিয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ লাঙ্গি গদাপানি অৰ্থাত গদাধৰ কোঁঅৰ নাম খ্যাত প্ৰধান বাহুবলি কবান বিচাৰ হোআত, বৰ ভই পাই পলাই গৈ সলাল গোহাঁইৰ দ্বাৰা কলিয়াবৰব লানমাখ্ৰু বঙ্গহৰ বন্দৰ বৰ ফুকনত আস্ৰই কৰাত, বৰ ফুকনে সকলো ফুকন ৰাজ খোআৰে পৰামৰ্স কৰি গদাধৰ কোঁঅৰকে জোগ্য হেন দেখি, ৰজা লোআ স্থিৰ কৰি, সকলো ফুকন ৰাজ খোআই গদাধৰ কোঁঅৰক আনি, সৰিয়হ তলিতে সেৱা কৰি উজাই আহি দখিনপাট সত্ৰৰ ঘাট পালেহি। পাচে এই বাৰ্তা সুনি দখিনপটিয়া বাপুএ বন্দৰ বৰ ফুকনক মতাই নি কলে বোলে, ফুকন, তুমি মোৰ প্ৰধান সিস্য; আৰু তুমি জানা, লৰা ৰজাও মোৰে সিস্য; এই হেতুকে প্ৰাই ময়েই ৰজা হৈ আচোঁ, এতেকে