পৃষ্ঠা:Assam Buranji.djvu/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪২

হাৰি ১, চপা ১, এই দুই ক্ৰমে বৰ পাত্ৰ হল; এবং চাৰিঙ্গিয়া লাতাও আহোমৰ পেলন ১, লুখুৰাসনৰ ডেবেৰা ১, এই দুই ক্ৰমে বৰ বৰুআ হল; ও লালুকসোলা বৰ ফুকন হল। পাচে ঐ ডেবেৰা বৰ বৰুআই ১৫৯৪ সঁকত বিস পান কৰাই ৰজা দেওক মাৰিলে; ভোগ ২ বচৰ। ইতি। ২২।

 এঁওৰ মৰনান্তে এঁওৰ পুতেকটিও ৰজা হব নোআৰিলে, ভায়েক চুক্লনফা ১৫৯৪ সঁকত ৰজা হল; হিন্দু মতে এঁওকে ৰামধ্বজ বোলে। এঁৱেই বাৰুকিয়ালৰ ঐ লাঙ্গিচঙ্গক ভাঙ্গি, ডেবেৰা বৰ বৰুআৰ ভাগিনিএক চেঙ্গমুনক বৰ গোহাঁই পাতিলে। পাচে কাল ক্ৰমে নৰিয়া পৰি ১৫৯৬ সঁকত ৰজা দেও স্বৰ্গি হল; ভোগ ২ বচৰ। ইতি। ২৩।

 এঁওৰ মৰনান্তে চামগুৰিয়া ফৈদ কেঁঅৰৰ চুহুঙ্গক আনি, ১৫৯৬ সঁকত ৰজা পাতি, এই সঁকতে ডেবেৰা বৰ বৰুআই বিস পান কৰাই ৰজা দেওক মৰালে; ভোগ ১ মাহ, ১৫ দিন মাত্ৰ। ইতি। ২৪।

 পৰে তুঙ্গখঙ্গিয়া ফৈদৰ গোবৰ কোঁঅৰক আনি, ১৫৯৬ সঁকতে ৰজা বুলি লৈ, ঐ সঁকতে বাঁহগৰিয়া বুৰা গোহাঁই, সোলা বৰ ফুকন দুয়ে ডেবেৰা বৰ বৰুআকে সহিতে মাৰিলে। ভোগ ২০ দিন মাত্ৰ। ইতি। ২৫।

 পাচে দিহিঙ্গিয়া ফৈদৰ চুজিনফাক আনি, ১৫৯৬ সঁকত ৰজা পাতিলে। এঁৱেই বাঁহগৰিয়া বুৰা গোহাঁইৰ দ্বাৰা