ৰতে তিনি পহিয়া নাহৰ ফুল এপাহ পাই, সৰ্গদেৱক দিলত ৰজা দেৱে বােলে, বুপাৰ আজ্ঞা হল, মােৰ তিনি পসহে ভােগ আচে ; এতেকে সকলাে ৰাজ্য আহক, মই চাঁও, মােকো চাওক। এই কথা সুনি সকলাে ৰাজ্য আহিল। সৰ্গদেও নাৱেৰে গৈ, দিখৌৰ দুয়াে পাৰে আহি থকা প্ৰজাক গা দেখাই বােলে, মােৰ কাল হল ; সকলাে লােকে মােক চাহক, ময়ো চাঁও; এই বুলি ব্রাহ্মন বুৰা লৰা তিৰতা এই সকলক দান দখিনা দিলে। পাচে ৰজা দেৱলৈ প্ৰজাব মােহ জন্মাত, সৰ্গদেৱৰ সলনি আমাবে এক স নৰবলি সদিয়াৰ আইলৈ দিমহক, তেও সৰ্গদেও কুসলে থাকক, এই বুলি হৰিধনিকৈ কোলাহাল কৰিবলৈ ধৰিলে। পাচে সর্গদেৱে বোলে, মােৰ কাল হল, কেনেকৈ বাখিবিহক, এই বুলি প্ৰজাক প্রবোধ দি নগৰলৈ আহি, ১৫৭১ সঁকত স্বর্গি হল ; ভোগ ৩৮ বচৰ। এঁওৰে ৩ পুত্র ; প্রথম চুৰম, দুতিয় চুত্যিঙ্গ, ত্রিতিয় আৰু এজনা। ইতি। ১৭।
এঁওৰ মৰনান্তে এঁওৰ বৰ পুত্ৰ চুৰমফা ১৫৭১ সঁকত ৰজা হল। এঁৱেই সলগুৰিৰ আলি কৰালে ; ও লাকু বৰ পাত্ৰৰ পুত্র লাহােক বৰ বৰুআ পাতিলে। এঁওৰ কুঁঅৰিএ তােল- নিয়াকৈ কোঁঅৰ এটি তুলিচিলে ; সেয়ে মৰিলত মােৰ লৰাই কাৰে উমলিব, অকলে কেনেকৈ থাকিব, এই বুলি কুঁঅৰিএ সৰ লগত লৰা কিচুমান দিবলৈ ৰজা দেৱত জনালত, বৰুআ