পৃষ্ঠা:Assam Buranji.djvu/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০

তৰফৰ বঙ্গাল চৈয়দ বাবকৰ ও সত্ৰাজিতে আমাৰ দেসৰ চলা চল বুজিবলৈ, বেপাৰৰ চলে এক গোমাস্তা পঠাই দিলে। কলিয়াবৰত থকা আমাৰ ফৌজে সুনি, সিঙ্গৰিত ধৰি সেই গোমাস্তাক কাটি নাও লুটিলে। সত্ৰাজিত আহি কলিয়াবৰৰ আমাৰ ভৰালৰ আহিলা পাতি লুটি, বিস্বনাথৰ নটিনি ধৰি নিলে। আমাৰ মানুহ তাকৰ দেখি হুহকিল। পাচে কচাৰিৰ ভিমবল ৰজালৈ কন্যা ও পত্ৰ সন্দেস দি পুনৰ মিলাই আহিলা পাতি ফৌজ সকলো জো কৰি, ডাঙ্গৰিয়া সকলক ৰনলৈ পঠালে; ভৰলিতে সত্ৰাজিতে সহিতে ১৫৪৯ সঁকত প্ৰধান জুধ হল। এই ৰনতে চৈয়দ বাবাকৰ নবাব পৰিলত তাৰ লগৰ মিৰা সেনচোআক কুঁহি সেনে সহিতে ধৰি ৰাখিলে; তাৰে পৰা সৰু সেনৰ খেল চলিল। এই ৰনতে সত্ৰাজিতো ঘাটিল ; গুআহাটি পৰ্জন্তে আমাৰ হল; তাৰ অস্ত্ৰ সস্ত্ৰ নাও মানুহ অনেক ধৰা পৰিল।

 পাচে সৰ্গদেৱে দাৰিকাত নগৰ কৰি, ১৫৫১ সঁকত ঐ ধৰ্মনাৰায়নক দৰঙ্গৱ ৰজা ও ভায়েক গজনাৰায়নক বেলতলাৰ ৰজা পাতি পঠালে। আৰু অহম কটকি হোজা কাৰন, দেসান্তৰলৈ চলাবলৈ ভাল জেন দেখি ব্ৰাহ্মন কটকি পাতিলে, ও নাঙ্গটা ববাগিৰ খেল পাতিলে। পাচে উতৰে চামধৰা গৰ বন্ধালে, মেচাঘৰত পুখুৰি খনালে। আৰু হাজোৰ তনয়া পৰ্বতৰ ওচৰতে ১৫৩৮ সঁকত বঙ্গালেৰে ৰন হোআত, সেই