পৃষ্ঠা:Assam Buranji.djvu/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮

এৰি দিম; এই বুলি খেদাত ১৯ ঢাল সোন্দৰ জিকিল, পাচৰ ঢালৰ জোৰ দহত লাগিল। ৰজাই বোলে, এই জোৰ দহ ঢালিব পাৰিলে মোৰ দেসৰো জি জি মানুহ জাই তাকো এৰি দিম। পাচে গোহাঁয়ে একে জোৰ দহে গল বুলি, বিমুখে জোৰ দহ ঢালি পাস জিকিলে। পাচে আমাৰ নিয়া সকলো মানুহ খনিক বঁটা বাহন দি গজসিংহকা জিক লগত দি বিদাই দিলে। তাৰ দেসৰো তাতি সোনাৰি অনেক ব্ৰিতিয়াল মানুহ আহিল। আমাৰ খনি মানুহ আপোন খেলে খেলে নিলে; কোচানৰ দেসৰ অহা খনি মানুহক নামডাঙ্গতে পাতিলে। ভাটিৰ মানুহ বহিল দেখি, সেই খনিকে ভটিয়াপাৰ বোলে। পৰে সোন্দৰ গোহাঁইৰ মুখে সেই দেসৰ বেৱহাৰ বুজি, পৰ- দেসি কটকি তোলাত ডাঙ্গৰিয়া সকল তিনি খনিয়াকৈ চন্দো- আৰ তৰি বহিবলৈ আজ্ঞা দিলে। আৰু পৰদেসলৈ মৰঙ্গিয়াল মানুহ পঠাই খনিকৰ সিকোআই আনি, কোচানৰ দেসৰ দৰে ম্ৰিন্মই মুৰ্তি কৰি দুৰ্গোত্সও পুজা চলালে। আৰু কোচানৰ ৰজাই নিজ নামেৰে হিন্দু আখৰুআ মোহৰ কৰা সুনি, সেই আখৰুআকৈ মোহৰ কৰিবলৈ কেনে ঠানৰ মোহৰ কৰা হব বুলি, হিন্দু পণ্ডিত আদিত সোধাত পণ্ডিত সকলে জোগিনি তন্ত্ৰ সাস্ত্ৰ চাই কলে বোলে,

অষ্টকোণঞ্চসৌমাৰংযত্ৰদিক্বৰবাসিনী।
তস্মিন্বিশন্তিযেলোকাজ্ঞানাদজ্ঞানতোপিবা।