পৃষ্ঠা:Assam Buranji.djvu/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭

 এঁওৰ মৰনান্তে এঁওৰ ৩ পুত্ৰৰ মধ্যে চুচেঙ্গফা ১৫৩৩ সঁকত ৰজা হল। বুৰা কালত ৰজা হল দেখি, এঁওকে বুৰা ৰজা বোলে; আৰু এঁও ৰজা মহা বুধিমন্ত আচিল দেখি, হিন্দু মতে এঁওকে বুধি স্বৰ্গনাৰায়নো বুলিচিলে। এঁওৰ দিনতে থকবক বুৰা গোহাঁই হল, ও লেজোআ বৰ পাত্ৰ গোহাঁই হল; এঁওৰ পাচত মৰানৰ লাকু বৰ পাত্ৰ হল। খামপেত ১, চেনমুন- সুনিয়াদ্তা ১, খামচিন ১, গুঁইমেলা সোলা ১, বেকা ১, পৰ্ব- তিয়া সৰু বুৰা ১, পিলিঙ্গা ১, এঁওকে ভাঙ্গি আকও ঐ সৰু বুৰাই ১, এই ৮ জনা বৰ গোহাঁই হল। আৰু থকবক বুৰা গোহাঁয়েই প্ৰথমে ৰাজমন্ত্ৰি হল; এঁওৰ পাচত লাকু ব পাত্ৰ ৰাজমন্ত্ৰি হল। এঁও ৰজা দেৱেই প্ৰথমে পৰ্বতত নগৰ ও পুখুৰি কৰি সিঙ্গৰি ঘৰ উঠিল; তালৈকে গৰগাঁৱৰে পৰা আলি বন্ধালে। পৰে আঙ্গেৰাত বাহৰ, এবং তাওকাকত নগৰ ও পুখুৰি কৰিলে; ও দলৌ গুৰিতো বাহৰ কৰিলে। আৰু মহঙ্গৰে পৰা পৰ্বতলৈ গৰ বন্ধাই মুৰকটা ফাটত লগা- লেনি; এবং চিনাতলিতো গৰ বন্ধালে; আৰু পৰ্বতৰে পৰা লুইতলৈকে তিয়কৰ কটাৰিখামৰ গৰ বন্ধালে।

 পাচে কোচানৰ নৰনাৰায়ন ৰজাই এক সময়ত চিলাৰায়ে তোলনিয়া আমাৰ সোন্দৰ গোহাঁয়ে সহিতে বৰ পাস খেদি- চিল। তাতে সোন্দৰ গোহাঁইক বুলিলে বলে, ২০ ঢাল জিকিলে তোমাৰ দেসৰ অনা মানুহ খনিএ সহিতে তোমাক