পৃষ্ঠা:Assam Buranji.djvu/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩

ঘাঁহ দিয়াত নেজানে বুলি, খাতত দিলে। নিলগৰ বােকা আনি কঠিয়াৰ গুৰিত দিয়াত একো নেজানে বুলি আদানি কৰি ধনি কৰিলে। ইহঁতকে মৰিয়া বােলে। হিন্দু মতে এঁও ৰজাকে স্বৰ্গনাৰায়ন বােলে। এঁওৰ দিনতে কমতেস্বৰে কোনাে সংসয়াপন হৈ স্বাধিপত্য চাৰি কচাৰি দেস সােমালগৈ । আৰু এই চুহুম্মুঙ্গ ৰজা দেৱৰে পুতেক ৪ জনা; বৰ পুত্ৰ চুক্লেন এঁৱেই ডেকা ৰজা; আৰু দেও ৰজা চুৰেঙ্গ এঁৱেই ঐ চাৰি- ঙ্গিয়া মেলৰ ৰজা ; দুপ ৰজা চুখ্ৰেঙ্গ এঁৱেই ঐ তিপমিয়া মেলৰ ৰজা ; আক চুতেঙ্গ নামে সৰু এজনা কালক্ৰমত ডেকা ৰজাৰে ঘাই ৰজাৰে বিৰােধ হল। পাচে ডেকা ৰজাই ৰহস্যে ডাঙ্গৰিয়া সকলক বস কৰি লৈ, লেহেতিয়া লিগিৰাক উপদেস কৰি ১৪৬১ সঁকত ৰাতি প্রান বিজোগ কৰালে, ভােগ ৪২ বচৰ। ইতি। ১৪।

 এঁওৰ মৰনান্তে এঁওৰে পুত্ৰ ঐ ডেকা ৰজা ১৪৬১ সঁকত ৰজা হৈ গৰগাঁৱত নগৰ কৰি সিঙ্গৰি ঘৰ উঠি চুক্লেনমুঙ্গ নাম ললে দেখি, হিন্দু মতে এঁৱেই গৰগঁয়া ৰজা। পাচে ভিতৰতে চোম দেও ও লক্ষ্মিনাৰায়ন দুয়াে দেৱতা হল দেখি, বাজত বৰদুআৰৰ ভিতৰতে দেৱালই পতা দৰে ঘৰ কৰি চোম দেওক বাজলৈ নি, দেৱতাৰ পৰে পালিএ থাকিবলৈ ডাঙ্গৰিয়া সকলৰ লৰা লুৰিকে অর্থাত গােহাঁই চেটিয়া দিলে। প্রথমে ডাঙ্গৰিয়া সকলেই দিন চাৰেক পৰ দিচিলে; সেই হেতুকে চটাই চৰা কৰিলে, ও