কাৰনে, সেই লৰাটিকে কনচেঙ্গ নাম দি বৰ পাত্ৰ গোহাঁয়ে ডাঙ্গৰিয়া পাতিলে। এই কাৰন নগা বৰপাত্ৰৰ ঘৰ বোলে; এবং তেতিয়াৰে পৰা বৰ পাত্ৰ গোহাঁয়ে সহিতে তিনি জনা ডাঙ্গৰিয়া হল। পাচে তুৰবকৰ সেই ৰনলৈকে এই কনচেঙ্গ বৰ পাত্ৰ গোহাঁই ও ঐ তনখাম বৰ গোহাঁই দুয়ো সৰ্গদেৱৰ আজ্ঞাৰে ডেকা ৰজা সহিতে গৈ তুৰবকক মাৰি খেদি নি কৰ- তোয়া নদিত অস্ত্ৰ ধুই, তাতে ১৪৫৪ সঁকত সিমা পাতি দৌল ও পুখুৰি কৰি চিন ৰাখিলে। ঐ দৌল ও পুখুৰি অদ্যাপিও থাকিব পাই। এই আপাহতে কনচেঙ্গ বৰ পাত্ৰ গোহাঁইক ৰাজমন্ত্ৰি পাতিলে; আৰু এই ৰন মাৰি অস্ত্ৰ সস্ত্ৰ বম বৰ তোপ হাতি ঘোৰা অনেক দ্ৰব্য পালে। পাচে হাজাৰ ফৌজে সহিতে ভৰালি চেটিয়াক পত্ৰ সন্দেস দি গৌৰ বাদসাহৰ ঠাইলৈ প্ৰিতিৰ নিমিতে পঠালে। বাদসাহে পুৰ্বাপৰ সুধি পত্ৰ সন্দেস দি পঠালে; তাৰে পৰা গৌৰ বাদসাহেৰে প্ৰিতি হল।
পাচে কোচানৰ বিস্বসিংহ ৰজা কোনো এক কথাৰ পৰা আহি আস্ৰিত হলহি; সৰ্গদেৱে মোৰ স্থাপিত হল বুলি, হাতি হেঙ্গদান দি ৰাজ মৰ্জদা দিলে। পাচে কচাৰি ৰজাই ডেকা ৰজাক পঠাই বৰিল। কলঙ্গকে সিমা পাতি, বচৰি ৫ টা দৰে ঘোৰা সোধাবলৈ নিবন্ধ কৰিলে। পাচে তুৰবকৰ বন জিকি অনা সেনা খনিক হাতি ঘাঁহি দিলে। হাতিৰ নেজৰ ফালে