পৃষ্ঠা:Assam Buranji.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১

ফুকন ও ৰাজখােআ পাতি গাঁও দিলে। বকতাত নগৰ কৰিলে ; আৰু মৰঙ্গিতে কচাৰিৰে জুধ হল ; ৰনত কচাৰি ঘাটি ডেমেৰা খাচপুৰলৈ ভাগি গল ; কাজলি মুখলৈকে আমাৰ দেস হল। পাচে তুৰবক সহিতে কলিয়াবৰতে প্রধান জুধ হল। এই বনতে আমাৰ ফনলুঙ্গখাম্পেঙ্গ বুৰা গােহাঁই ও ফ্ৰাচেঙ্গমুঙ্গ বৰ গােহাঁই সহিতে ৮ খন হেঙ্গদানৰ ৮ জনা সেনাপতি সেনা সহিতে পৰিল। পাচে ত্যাওচাঙ্গৰাই বুৰা গোহাঁই ও কিলিঙ্গখাম বৰ গোহাঁই এই দুই জনা ডাঙ্গৰিয়া হৈ সেই ৰনলৈ গৈ, সত্রু পক্ষেৰে মিলিব খােজে হেন সুনি, দুয়াে জনাক আনি ডাঙ্গৰিয়া ভাঙ্গি লাঙ্গিধুপুৰাক বুৰা গােহাঁই পাতিলে, ও তন্‌খামক বৰ গােহাঁই পাতিলে।

 আৰু পুর্বে এক সময়ত চুপিমফা ৰজা দেৱক নগাৰ খুন- বাৱে পালসেৱা কৰোঁতে চমুআ কুঁঅৰি এজনাই ভিতৰ ফালৰ পৰা জুমি চাই থাকি খুনবাওক ভাল দেখি, ৰজা দেও ভিতৰলৈ আহিলত খুনবাওটো ভাল মানুহ বুলি, ৰজা দেৱৰ আগত সলাগিলত, মােতকৈও নগাকহে ভাল দেখিলে বুলি, ৰজা দেৱে সগর্ভা সেই চমুআ কুঁঅৰিক সেই নগাৰ খুনবাওলৈকে দিলে। পচে নগা চাঙ্গত গৈ লৰা এটি জন্মিল। সেই লৰাই পালসেৱাত অহাত কথােপকথনত ঐ চমুআ কুঁঅৰিৰ গৰ্ভত জোআ লৰা বুলি জনা জনি হলত, এই জনা ৰজা দেৱে পিত্রি বিৰ্য্য দেখি বিচাৰ পুৰ্বকে ৰাখি আচল কুঁঅৰিৰ সন্তান নহই