পৃষ্ঠা:Assam Buranji.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০

হাতি ও সোনৰ মেকুৰি ও জৰা ও বেলা ও মাইহাঙ্গ ও সোনোআলি তিনি চুকিয়া সিংহাসন ও খাট, এই সকল দ্ৰব্য পাই সৰগ দেও ঘৰলৈ উচৰ্গি দিলে। আৰু তলে কেকোৰা দোলা আৰোআন দবা কালি হিলৈ তোলা চৰা নাও, এই সকল দ্ৰব্য পাই ৰজা ও ডাঙ্গৰিয়াই বেৱহাৰলৈ ললে; আৰু সদিয়াৰ দেও ঘৰত মানুহ নিবন্ধ কৰি দি, সদিয়া খোআ নামে বিসই নিবন্ধ কৰি, বুৰা গোহাঁই পৰিয়াৰ সদিয়াখোআ পাতিলে। পৰে চুটিয়া ৰজাৰ পো ভাই সহিতে চুটিয়াক পাকৰি গুৰিত পাতিলে। পাচে লাক্লি কাতকেউ ১৪২৭ সঁকত বাৰভুঁয়াক বৰালে; সিহঁতৰ বচোআল টঙ্গালি হাচটি এই সকলৰ আদৰ্স ললে; সিহঁতৰ লৰা কিচু সৰ্গদেৱে তামুলি পাঁচনিকৈ লগত ললে: আৰু ফ্ৰাচেঙ্গমুঙ্গক ৰাজমন্ত্ৰি বাবটি সহিতে বৰ গোহাঁই পাতিলে। পাচে এই বৰ গোহাঁই ডাঙ্গৰিয়াই ঐ তলে কেকোৰা দোলাকে লুটিয়াই ওপৰে কেকোৰামাৰি দি তলে কাপৰৰ পৰ্হি ও নালৰ পৰা চুটিকে ঢেকৰ দাপন লগাই, নক্সা লৰাই কেকোৰা দোলা কৰিলে।

 আৰু ১৪৫৮ সঁকত নগা জিনি মহঙ্গৰ লোন পুঙ্গ ললে। আৰু সৰ্গদেৱে ওপৰ কেই জনা ৰজা দেৱৰ জি জি কোঁঅৰ- বোৰ আচিলে, সেই সকলক ফৈদ ফৈদ কৰি দিহিঙ্গ ও চাৰিঙ্গ ও তিপাম ও তুঙ্গখাঙ্গ এই সকল ঠাইত পাতিলে। সেই সেই ঠাইৰ নামেৰেই ফৈদৰ নাম হল; আৰু নাম ভেদকৈ