হল। পাচে চুটিয়াৰ ৰজাই সখি কৰি চৰা নাও খেলাবলৈ নি, ১২৯৮ সঁকত মাৰিলে; ভোগ ১২ বচৰ। ইতি। ৬।
এঁওৰ মৰনান্তে মন্ত্ৰি লোকেই কোঁঅৰ কাবো আসই ভাল নেপাই, ১২৯৮ সঁকৰ পৰা ১৩০২ সঁকলৈকে ৰাজ্য সাসন কৰে; এই হেতুকে অৰাজক বোলা জাই ৪ বচৰ। ইতি।
পৰে মন্ত্ৰি লোকে আসই পাই ১৩০২ সঁকত ত্যাওখাম্থিক ৰজা পাতি ললে। এঁওৰ দিনতে চাউথাইখুম বুৰা গোঁহাই হল, ও বৰ গোঁহাই পৰিয়া ত্যাতান্বিঙ্গ বৰ গোঁহাই হল। এইজনা ৰজাৰে বৰ সৰু দুজনা কুঁঅৰি; সৰু জনাৰ গৰ্ভ হৈচিলে। এনেতে বৰ কুঁঅৰিকে ৰজা দেৱে নিজ ৰাজ পাটৰ অধিকাৰ পাতি থৈ ভাত্ৰিবধি চুটিয়া ৰজাক ধৰিবলৈ গল। পাচে চুটিয়া ৰজা পলাই পৰ্বতলৈ গল। ৰজা দেও নগৰলৈ আহি নগৰ নৌ পাঁওতেই, এখেত বৰ কুঁৱৰিএ সতিনিৰ খেপত থাকি মিচা দাই এটা উলিয়াই সৰু কুঁৱৰিক কাটিবলৈ দিলে। পাচে কাটিবলৈ নিওতে বাটৰ পৰা বুৰা গোহাঁই ডাঙ্গৰিয়াই সগৰ্ভা দেখি নকটাকৈ ৰাখি, ভুৰঁত তুলি সেই কুঁঅৰিক দিহিঙ্গত উটাই দিলে; উটি গৈ হাবুঙ্গ পালেগৈ। তাতে হাবুঙ্গিয়া ব্ৰাহ্মন এটাই দেখি তুলি নি, তাৰ ঘৰেতে প্ৰতিপাল কৰি ৰাখিলে। কালক্ৰমে তাতে কোঁঅৰ এটি জন্মিল, কুঁৱৰি মৰিল; ব্ৰাহ্মনিএ আপোনাৰ পুতেকহঁতে সহিতে প্ৰতিপাল কৰি কোঁঅৰক তুলিলে। এখেত ৰজা দেও নগৰলৈ আহি কিছু কাল আচিলে,