১১
ৰুপ পালেহি। তাতে এক বচৰ থাকি তিপাম ও সলগুৰি ও হাবুঙ্গ ও সিমলুগুবি এই সকল ঠায়ে ঠায়ে দুই তিনি বচৰকৈ থাকি সেই সেই ঠাইৰ নিতি ধাৰা বুজি চৰাই দেওত নগৰ কৰিলে। আৰু পুৰ্বে ১৯৬৪ সঁকত মটকৰ বদৌচা ৰজা ও বৰাহিৰ থাকুমৃথা ৰজা এই দুই ৰজাৰে মিত্ৰ কৰি মিলেৰে বস কৰি, পৰে ১১৭৩ সঁকত মটকক খৰিভাৰি বাৰিচোআ এনে ললে। এই মটককে মৰান বোলে। বৰাহিক কাঠ কটিয়া চাঙ্গমাই ও ৰান্ধনি চাঙ্গমাই ও ভৰালি ও জবাধৰা ও বেজ ও কুকুৰা চোআ এনে বনুআ কৰি ললে। এই বৰাহি এই ৰাজ্যত কোআ কৰা কৰিবলৈ ধৰিলে বোলে, এই ৰজা প্ৰজা খন আহি আমাক চলেৰে বনুআ কৰিএ ললে, তথাপি আমাৰ মনে বিসম নে লাগে; এই দৰেই খাটি লুটি অহা জোআকৈ থাকিবৰ মনহে জাই; এতেকে ইহঁত দেও সঁচ মানুহ, ইহঁতৰ সম কোনো নাই, ইহঁত অসম মানুহ, এইৰুপে ৰাজ্যত কৈ ফুৰাতে অসম নাম খ্যাত হল দেখি, তেতিয়াৰে পৰা ৰজা ও লগত অহা প্ৰজা সকলকো অসম বুলিলে। এই অসমৰে দেস হল কাৰন অসমৰ দেস বোলে। আৰু জোগানৰ নিমিতে মৰানৰে মানুহ দি ৰজা দেৱে দেও পুজালৈ গচিকলা খাত ও পিত্ৰি কৰ্ম্মলৈ বৰাখোআ খাত ও নিজ ওপভোগলৈ এঙ্গেৰা খাত এই তিনি খন খাত কৰিলে। পাচে গাঁও ভুঞি বস বত্তি কৰি পত্ৰ সন্দেস দি নৰা দেসৰ নইচা্নফা ৰজাত বাৰ্তা কবলৈ