পৃষ্ঠা:Assam Buranji.djvu/১১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১১

লঙ্গো গৈ স্বর্নাদ্রিৰ পৰা থেনখাম ৰজাৰ আজ্ঞা মতে পাহৰি এৰি অহা দ্রব্য সকল আনি দিলে। জাঁওতেই জি লঙ্গোএ খেহ দেস খনৰ কথা উপৰি উক্ত মতে জনাই গৈচিলে, সেই বাবেই তাক থেনখাম ৰজাই হেঙ্গদান খন দিলে, এখেতাে তাক খেহ দেসৰ ৰজা পাতিলে । পৰে পুর্বোক্ত ক্ৰমে মঙ্গল চাই মুংৰিমুংৰামতে নগৰ কৰি ৰজা হল। তাতে দুয়াে ভায়েকে কাঁজিয়া কৰিলত খুনলুঙ্গ গৈ থেনখামৰ আজ্ঞা মতে মুংখুংমুংজাও দেসত ৰজা হলগৈ ; খুনলাই মুংৰি মুংৰামতে ৰজা হল। ইয়াৰ পৰে আৰু জি জি হৈ গল, সেই সকল ওপৰতে লিখা আচে। মিলা হেন দেখি, হিন্দু সাস্ত্ৰৰ এই মত লিখা গল। ইতি বুৰঞ্জি সাৰে অষ্টম খণ্ডং সমাপ্তং।