পৃষ্ঠা:Assam Buranji.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০

গুন ও কৰম উপৰি উক্ত খনি বুজাই দিলেহি। ঐ সকল দৈবিক দ্রব্যৰ প্ৰভাৱেৰেই অতি বলৱন্ত হৈ, স্বর্নাদ্রি পর্জন্তে আক্রমন কৰি ৰজা হল। পূৰ্বে ঐ বিহগাদ্রিপতি খুন্তুন বংসি ৰজা তেঁওৰ লগতে লাওখ্ৰি পণ্ডিত, ও স্বর্নাদ্রিপতি খুনবান বংসিৰজা তেঁওৰ লগতে পূজাকজি পণ্ডিত আচিলে। কিচু কালৰ পৰে এক সময়ত ইন্দ্ৰ আহি খুন খুনবানৰ সন্তানক মন্ত্ৰি কর্মার্থে, ও দেও পণ্ডিতৰ অংস লাওখ্ৰি ও পূজাকজি, এই দুইৰ সন্তানক কর্মনিবাহৰ নিমিতে চিনাই দি গলহি ; এই সকল সহিতে স্বৰ্নাদ্ৰি পর্জন্তে ৰাজত্ব কৰি আচিল।

 ঐ খেনখামৰে ১৮ জনা কুঁঅৰি হল। পাচে এঁওৰে প্রথমে খুনলুঙ্গ জন্মিল ; তাৰ পৰে খুনলাই জন্মিল ; তাৰ পৰে ক্রমে আৰু ৯৮ জন কোঁঅৰ জন্মি, মুঠে ১০০ কোঁঅৰ হল। পাচে থেনখাম ৰজাই নিজ ৰাজত্বৰ ভিতৰৰ পর্বতে সহিতে জুৰি পৰ্বতে পর্বতে ঐ ৯৮ জন কোঁঅৰক ৰজা পাতিলে। খুনলুঙ্গ খুনলাইক দুইক লগতে ৰাখি, সম ভুমি পর্জন্তে আক্ৰমনৰ নিমিতে চোম দেও আদি সকলাে দৈবিক দ্রব্য, ও ঐ ৪ জন মন্ত্রি পণ্ডিত, কিচু সেনা, ইয়াকে দি নিতি নিৰ্বন্ধ সিকাই পঠাই দিলে। ঐ দুই ভায়েকে লােহাৰ সিকলিৰে স্বৰ্নাদ্রিৰ পৰা নামি মুংৰিমুংৰামতে স্থিতি হােআতে, প্রিথিবিৰ অনেক অনেক লোকে লগ ললেগৈ । এনেতে কাইচেঙ্গমুঙ্গৰ বিচাৰ হোআত উপৰি উক্ত মতে