পৃষ্ঠা:Assam Buranji.djvu/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৮

পৰা এই সৌমাৰলৈ চুকাফা ৰজা অহালৈকে ওপৰেই চিপ ইত তাও ১ চিঙ্গা গল বুলি, চিপ চঙ্গ তাওচিঙ্গাৰ প্রথম লাক্লি কাপত্যেওৰ পৰা চুকাফা ৰজাৰ সৌমাৰৰ ভােগ লেখে । সম্প্রতি চিপ ইত বুজাৰ কাৰন অহমৰ লাই সাস্ত্র অর্থাত ৰাজ নিতি সাস্ত্র মতে নেতা লিখা জাই। লেঙ্গ ১, চঙ্গ, ২, চাম ৩, চি ৪, হা ৫, ৰুক ৬, ত্যিত ৭, পেট ৮, কাও ৯, চিপ ১০, চিপ ইত ১১, চিপ চঙ্গ ১২, এই ক্রমেই গৈ চাও ২০, চাও ইত ২১, চাও চঙ্গ ২২, এবং চাম চিপ ৩০, চি চিপ ৪০, চি চিপ লেঙ্গ ৪১, পাক ১০০, চঙ্গ পাক ২০০, ৰিঙ্গ ১০০০; লিত সাস্ত্র অর্থাত ধৰম সাস্ত্ৰৰ মতে হলে ত্যিঙ্গ প্রথম, কাম দুতিয়, এই ক্রমেও লেখে। আতে নৰাৰ হলে লুঙ্গ ১, হোক ৬, হিঙ্গ ১০০০; ৰ স্থানে হ উচাৰন, এই মাত্র ভেদ।

অথ আসাম ৰজা ইন্দ্র বংসিৰ প্রস্তাও

 ভৈৰবি নদিৰে পৰা দিক্কৰ বাসিনি অর্থাত সদিয়াৰ কেচাই খাতি পৰ্জন্তে সৌমাৰ পিঠ বােলে ; এই সৌমাৰ পিঠৰে পুর্ব হিৰকুট পৰ্বতৰ দখিন স্বর্নাদ্ৰিৰ উতৰ এই সিমাৰ মধ্যতে বিহগাদ্রি নামক পর্বতৰ উপৰি ৰত্ন ভুমি নামক স্থানতে সুন্দৰ স্থান দেখি, এক সময়ত সখি গন সহিতে সচি ও ইন্দ্র উভয়েই ক্রিড়া কৰি ফুৰিচিলে। সেই পৰ্বতৰ গুহাতে