পৃষ্ঠা:Assam Buranji.djvu/১১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৩

৭০ বচৰ ভােগ সহিতেহে হই। আৰু মুঙ্গকঙ্গিয়া অহমিয়া উভয়েই বচৰৰ লেখ তাওচিঙ্গা ধৰি কৰে। কিন্তু সেই লেখত স বা হাজাৰ ৰাখি নকৰাত ভুল হই জেন লাগে, তথাপি তাওচিঙ্গাৰ ভিতৰৰ বচৰ একোটাৰ নামকেহে লাক্লি বোলে ও লেখেও। এতেকে তাকে বুজিবৰ নিমিতে এই প্রস্তাৱতে লিখা জাই।

 হিন্দু সাস্ত্ৰত প্রতি বচৰতে প্ৰজাৰ সুভাসুভ বুজাৰ কাৰন ৬০ বচৰ পর্জন্ত সিমা ধৰি প্ৰভও ও বিভও ইত্যাদি ক্রমে ৬০টা বচৰৰ নাম লিখে ; সেই নামক বচৰতে নামানুসাৰে সুভাসুভ বুজে। ৬০ বচৰ এই ক্রমেই গত হলে, পুনৰ সেই প্রভৱাদি কৰি আৰম্ভ কৰে। কিন্তু লৌকিক ও সাস্ত্ৰিকতাে সঁকাদি- ত্যৰ সঁকেৰেহে বচৰৰ সংখ্যা ও নাম ১৭৬০ সঁকৰ বচৰ ও ১৭৬১ সঁকৰ বচৰ বুলি চলে। এই ৰুপে মুঙ্গকঙ্গিয়া অহমি- য়াই ৬০ বচৰক তাওচিঙ্গা নাম দি, লেঙ্গ তাওচিঙ্গা, চঙ্গ তাওচিঙ্গা বুলি লেখ কৰে। তাকে প্রথমে ধৰোঁতে মুখ্যচান্দ্র মানে ৩০ দিনিয়া মাহ ধৰে ; তাতে চান্দ্র আঘােনৰ প্ৰথম দিনকে বচৰটৰ প্রথম মাহৰ প্রথম দিন বুলি লৈ, ঐ ৩০ দিনিয়া মাহেৰে ১২ মহিয়াকৈ বচৰ পাতে। এই দৰে পতা মাহৰ ক্রমিক নাম ডেন ত্যিঙ্গ ১, ডেন কাম ২, ডেন চাম ৩, ডেন চি ৪, ডেন হা ৫, ডেন কক ৬, ডেন ত্যিত ৭, ডেন পেত ৮, ডেন কাও ৯, ডেন চিপ ১০, ডেন চিপ, ইত ১১, ডেন