পৃষ্ঠা:Assam Buranji.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বচৰ। এঁওৰে পুত্ৰ ত্যাওখুঞ্জাও ৰজা, ভোগ ১৫ বচৰ। এঁওৰে পুত্ৰ ত্যাওখুঞ্জন ৰজা হল।

 সম্প্ৰতি খুনলাইৰ প্ৰস্তাও লিখা জাই। ঐ খুনলাই মুং ৰিমুংৰামতে ৰজা হৈ, ৭০ বচৰ ভোগ কৰি স্বৰ্গি হল। ইন্দ্ৰৰ সাপ দ্বাৰাই চৰগলৈ জাব নোআৰিলে। পৰে এঁওৰে পুত্ৰ ত্যাওআই জেপ্‌ত্যাত্‌‌‌‌ফা ৰজা হল; ৪০ বচৰ ভোগ কৰি অপুত্ৰক হৈ স্বৰ্গি হল। এঁৱেই ৰজা হোআ বচৰৰে পৰা সঁকাদিত্যৰ সঁকৰ দৰে চলিবলৈ লেংচং অৰ্থাত এক দুই ক্ৰমে লাক্লি অৰ্থাত সঁক চলাই; এই হেতুকে এই লাক্লিকে আইজেপি লাক্লি বোলে, ও নৰা এবং মান দেসতো এই লাক্লি চলিত হৈ আচে।

 পাচে অৰাজক হলত পাত্ৰ মন্ত্ৰিএ কটকি পঠাই মুংখুমুংজাও দেসৰ ঐ তাওখুঞ্জুন ৰজালৈ জনালত তেঁওৰ পুত্ৰ খাম্পংফাক পঠাই দিলে। পঠোআ কালত ত্যাওখুঞ্জুন ৰজাৰ ভোগ ১১ বচৰ হৈচিলে। পাচে খাম্পংফা আহি ৰজা হৈ ২৫ বচৰ ভোগ কৰি, জ্যেষ্ঠ পুত্ৰ খাম্‌ত্যাপ্‌ফাক নিজ দেসতে ৰজা পাতি, কনিষ্ঠ পুত্ৰ খাম্‌ত্যিপ্‌ফাক মাউলুঙ্গ দেসলৈ ৰজা পাতি পঠাই স্বৰ্গি হল। পাচে মাউলুঙ্গতে খামত্যিপ্‌ফা ৰজা ৫০ বচৰ ভোগ কৰি স্বৰ্গি হল। তত্‌‌‌‌পুত্ৰ নিফামাউ ৰজা হল, ভোগ ৪০ বচৰ। ততপুত্ৰ চুখুংফা ৰজা, ভোগ ৪১ বচৰ। তত্‌‌‌‌পুত্ৰ চুকাইফা ৰজা, ভোগ ৩৪ বচৰ। তত্‌‌‌‌পুত্ৰ চুহেন্‌ফা