পৃষ্ঠা:Assam Buranji.djvu/১০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৫

বানতৰ ওপৰত অনেক বৰনিয়া সুতা, এবং ৰুপ সােনৰ গুনাৰে বনকৰা বৰ ২ জৰু লগাই, ওপৰ টুপত পােআল মনিৰে গথা ডাল পাত লাগে অ। সােনৰ চুলাতে গচ কৰি দিএ। এই ৰুপে সোনৰ চুলাৰে সিয়া জাপিকে ডাঙ্গৰিয়া- বােৰৰ ঘৈনি সকলে, ও বৰ বৰুআ, ও বৰ ফুকন, চৰাৰ ফুকন, চমুআ ফুকন, এবং তিনি বৰ ভণ্ডাৰ বৰুআ, এই সকলৰ ঘৈনিবােৰেও লই। কিন্তু দুই এক খান বনৰ তাৰতম্য কৰি চুলা ও জৰু লই, আত বাজে চমুআ জাল ভাৰি ফুকন আদি ৫ জন, ও মেল ডগিয়াৰো ফুকন কেইজন, এই সকলৰ ঘৈনিবোৰেও সমই মতে তাৰতম্য ৰুপে ঐ চুলাও লই, জৰু লই। ইতৰ সকলৰ ঘৈনিবোৰে ঐ চুলাতে ডাল পাত হিনকৈ চপা একো পাহ লই ; তদিতৰ সকলে সবে চপা লগােআ লোআও আচে, লব পােআও আচে। ইতি বুৰঞ্জি সাৰে সপ্তম খণ্ডং।

অষ্টম খণ্ড।

 অথ আসাম মতে গন্তিৰ নিৰুপন। আসাম পণ্ডিতে আপােন ৰিতি মতে খুনলুঙ্গ খনলাই নামি অহাৰে পৰা চুকাফা ৰজা এই দেসে উপস্থিত হােআ বচৰ চিপ ইত তাওচিঙ্গা

হই, অর্থাত ৬৬০ বছৰ হই, কিন্তু এই ৬৬০ বচৰ খুনলাইৰ

১৪