পৃষ্ঠা:Assam Buranji.djvu/১০৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৪

লৈ, উজনি খন চাউডাঙ্গৰ দুয়াৰে সােমাই ; সেই ফালৰ চাউডাঙ্গৰ চৰাতে বহেগৈ। লগৰে বনুআ এজনিএ কলা পাত দুখন নিব পাই, তাকে পাৰি দিএ, তাতে ঘৈনি বহে। কুঁঅৰিবােৰৰ ঘৰলৈ গলেও সেই ক্রমেই পাত দিএ, তাতে বহে। বৰ বৰুআ, বৰ ফুকন, কিম্বা চৰাৰ ফুকন, অথবা খেৰ বিচনি পােআ চমুআ ফুকন, এই সকলৰ বৰুআনি বা ফুকননি সকল জোআতো পহিঁচাঙ্গিৰেই গৈ, নগৰ সােমােআত মাটিএ মুৰত সিয়া জাপি লৈ, ঐ দুআৰেই সােমাই। ঐ চৰাতে ডাঙ্গৰিয়া সকলৰ ঘৈনি সকলৰ নাম হৈহে এখনিয়া কলা পাতত বহে। এই ক্রমেই চমুআ ফুকননিহঁতো ক্রমে নাম সাৰিত বহে। কুঁঅৰি সকলৰ ঘৰতো এই ক্রমেই এখনিয়া পাতত বহিবলৈ দিএ ;তদিতৰ ফুকননি বৰুআনিৰ বহাত পাত নাই, মাটিতেহে বহে। ঐ উজনি খন চাউডাঙ্গৰ দুআৰকে কালুগঁয়া দুআৰকো বলে, লিগৰি দুআৰো বােলে ; মাটি ঘৰৰ দুআৰো বােলে ; নামনি খন চাউডাঙ্গৰ দুআৰকে কমলাবৰিয়া দুআৰো বােলে, গােঁসাই ঘৰৰ দুআৰো বােলে ; দোলাকাস- ৰিয়া চৰাৰ টুপৰ সমুখৰ খনকে ডঁৰিকা দুআৰ বােলে ; নগৰৰ বাজে গৰৰ পুৰৰ খনকে পানি দুআৰ বােলে ; দখি- নৰ খনকে বৰ দুআৰ বােলে; পচিমৰ খনকে ন দুআৰ বােলে ; উতৰ ফালে দুআৰ নাই, পিচ ফাল দেখি ঘৰ কাৰেঙ্গ বােলে। আৰু জে ঐ সিয়া জাপি লই, তাতে