পৃষ্ঠা:Assam Buranji.djvu/১০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৩

তেঁওকে মুখ্য কৰি ফুকন বৰুৱা ৰাজখােআই আপােন আজ্ঞাৰে পতা ভঙ্গা কৰিব পৰা বিসয়া, ও তাতকৈ নাম পাইকান, এই সকলক নাক কান কাটে ; ইয়াতকৈ ওপৰ লােকক সৰ্গদেৱৰ আজ্ঞা পালেহে গঁতা গৰাল, কোব, ঢাকা এনে ডণ্ড কৰিব পাৰে। চৰাৰ ফুকন, খেৰ বিচনি পোআ চমুআ ফুকন, বৰ ভণ্ডাৰ বৰুআ আদি মেলডগিয়া ফুকন বৰুআ পর্জন্ত, এই সকলে হলেও বৰ বৰুৱাৰ দৰেই ডণ্ড কৰে; কিন্তু নাক কাটিব নােআৰে। আৰু টেকেলা দুলিয়া এই দুই খেলত বাজেহে পৰা খনি ডণ্ড কৰিব পাৰে ; এই খেলৰ মানুহক গঁতা গৰাল, কোৰ, ঢকা, এনে ডণ্ডহে কৰিব পাৰে। দুৰ দেসাধিকাৰ কাৰন বৰ ফুকনে হলে ডাঙ্গৰিয়া সকলৰ দৰেই ভণ্ড কৰে, চোৰক হলে কাটে ; ও অস্ত্ৰৰে প্ৰান মৰা ডণ্ড, উজনিত হলে চাউডাঙ্গে কৰে, ভাটিত হলে বুৰুকে কৰে। ইতি।

 বৰ বৰুআ ফুকন আদি ফুকন বৰুৱাতকৈ এই সকলৰ স্ত্ৰিৰ মৰ্জ্যদা কিচু অধিক; এই হেতু তাকো লেখা জাই। এই সকলৰ ঘৈনিএকহঁতক সৰ্গদেৱৰ ঘৰত অমুক ফুকনমি বা বৰুআনি বােলে, ডাঙ্গৰিয়া কেই জনাৰ হলে অমুক ডাঙ্গৰিয়াৰ ঘৈনি বলে। ডাঙ্গৰিয়া বােৰৰ ঘৈনি সকলৰ পহিঁচাঙ্গি, আৰু নগৰৰ ভিতৰলৈ জেতিয়া জাই বৰখুন বা মদ নিবাৰনার্থে সৰু দৈয়া সিয়া জাপি মুৰত