পৃষ্ঠা:Assam Buranji.djvu/১০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৮

বৰ ফুকনৰ তাবে থাকি চল কৰ কৰে। পৰ্বতিয়া গােঁসাই সকলক গৰ ভিতৰলৈ অনাত সৰ্গদেৱৰ দুলিয়াই পৰ্হিচাঙ্গিৰে বা বিদেসি নলকিৰেই আনে, অগিত বাখৰ পতা সােনৰ চুলাৰে পানি জাপি আনে; দুআৰৰ মুখৰ বাওলিৰ ভিতৰ দুআৰ ঘৰৰ বাহিৰ সেই খনিতে সেই চাঙ্গি এৰে ; তাতে ঘােঁৰাত উঠি বানত সিয়া বৰ জাপি ওপৰত ধৰাই গােঁসাই ঘৰৰ জখলা মুখৰ চাউডাঙ্গ চৰাৰ ওচৰলৈকে আহি, তাতে ঘােৰাৰ পৰা নামি পইজাৰেৰে জখলা মুখলৈকে গৈ, তাতে পইজাৰ পিক পেলােআ ডাবৰ এৰি, গোসাঁই ঘৰৰ টুপতে ৰঙ্গা থঙ্গাত বহেগে। আগতে কাসৰিয়াকৈ নিৰ্মালিৰ সৰাই ও উপহাৰৰ সৰাই থই ; এক কাসৰে তাওকিনে গামােচাই খই। পাচে সৰ্গদেও আহি সেই টুপতে বানতত বহি, গাে- সাঁইক সেৱা কৰে, গোঁসায়ে মুৰতে নিৰ্মালি দি ধৰি সৰ্গদেৱক আসিৰ্বাদ কৰে। এনেতে চোলাধৰা ফুকনে, জদি ফুকন নে- থাকে, গােঁসাই ঘৰিয়া কৰ্ম্মকাৰক ফুকনেই গােঁসাইক ভেঁটাই, আৰু ঘৰত সততে গােঁসাই বহাত ওপৰত পানকটা চন্দো- আৰ তৰে। পহুমৰিআ গােসাঁই সকলৰৰ এয়ে ক্রম; কিন্তু সােন চুলাৰ বাখৰ, ও ঐ চন্দোআৰ, ও বহাত ৰঙ্গা কামলি, ও নলকি, এই কেই বিধ নাই; বগা কামলিতহে বহে। আৰু পৰ্বতিয়া গােসাঁইৰ ঘৰৰ নাতি গােসাঁইৰ পর্বতিয়া গােসাঁইৰ দৰেই ক্রম। এই নাতি গােসাঁইৰ ঘৰৰে