পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৃথিৱীত কৌৰৱক ধনুৰ্দ্ধৰ গণি। তাক দেখি কুমাৰ আসিল ৰণ জিনি॥ ছয় মহাৰথীক যে দেৱেয়ো নোৱাৰি। তেহে৷ সবে সাব্জি আসি গৈলা ৰণ হাৰি। '৯৩ যুধিষ্ঠিৰে বোলন্ত যে নাহিক সংশয়। আগতে কহিলে৷ কুমাৰৰ ৰণ জয়॥ যেতিক্ষণে সাৰথি ভৈলেক বৃহন্নলা। তেতিক্ষণে জয় ভৈল তুমিসে নাকলা। ১৯৯৯৪ বাৰে বাৰে ব্ৰাহ্মণে তাহাৰ গুণ কহে। কতেক ক্ষেমিবো মোৰ শৰীৰ নসহে॥ ইবেলি ক্ষেমিলো দোষ তোহোৰ কাৰণে। যেৱে যিবা হেন নোবোলাহ! আন ক্ষণে॥৯৫ ৰাজ৷ বোলে বাধি তোক আছে বাৰে বাৰ। তথাপি কীৰ্ত্তিক বৰ কহুস তাহাৰ কিছোৰো ভাজন নোহে তিৰীৰ সমান। তাঙ্কে প্ৰশংসন্তে আছে কিনো অগিয়ান॥ '৯৬ যুধিষ্ঠিৰে বোলম্ভ শুনিয়ে৷ মৎস্য সাৰ। স্বৰূপেসে বোলোহে৷ নোবোলো চাটু আৰ॥ আছোক কৌৰৱে সাব্জি আসে দেৱগণে। তাকে৷ বৃহন্নল৷ জিনিবাক পাৰে ৰণে॥ ১৯৯৯৭ হেন বাক্য শুনিয়া দুগুণে গৈল জ্বলি। হাতে পাশ হানিয়৷ কঙ্কক পাৰে গালি॥ কিছোৰে৷ ভাজন নোহে কুপুৰুষ গোট। ধৰ্ম্মক লাগিয়া হানি পাশটিৰ চোট। ১৯৯৯৮ ধৰ্ম্মৰাজ কপালত হানিল পাশটি। ভূমিত পৰিখে লাগি তেজ যাই ফুটি॥ দ্ৰৌপদীক চাহিলন্ত মাতিবে নোৱাৰি।- হেন দেখি পাশ চাপি দ্ৰুপদজীয়াৰী॥ ১৯৯৯৯ স্বামীৰ আশয় দেৱী বুজিলন্ত চিতে। সন্নিত চাপিল চিত্ত নপাৰি ধৰিতে॥ হুৱৰ্ণৰ পাত্ৰে তেজ ধৰি ৰাজমাৱ। শোক অন্তৰ্গতে তাক নজানয় কেৱ৷ ২০০০ ই ঠাৱৰ কথা যে থাকিল এহিমানে। যা তিনি কুমাৰ আসন্ন হয় যানে॥ মহাভাৰত ছাগবলি ৰাজহংস কাটি দেই বলি। উকলি জোকাৰ পাৰে প্ৰত্যেক পদাল। ২০০০ সামৰাজে গাৱয় আগত নাচে নটে। ব্ৰাহ্মণে পঢ়য় বেদ চপয়ক ভাটে॥ সামৰাজে জোকায় বোলেক উথলে। পঞ্চ শব্দে কুমাৰ নগৰ লাগি চলে। ২০০০২ হে মহাৰাজ শুন৷ বচন প্ৰস্তুত। ইটো কথা তোমাত যে কহিতে যুগুত॥ ৰণ জিনি কুমাৰ আসিলা তযু হত। শুনিয়৷ নৃপতি ৰোলে অনায়ো প্ৰস্তুত। ২০০০৩ আদেশক পাই দ্বাৰী নাথাকিলা ৰহি। সিংহ দুৱাৰক লাগি শীঘ্ৰে গৈলা বহি॥ দ্বাৰক আসিয়া দ্বাৰী ভৈলন্ত প্ৰবেশ। যায়োক কুমাৰ তুমি ৰাজাৰ আদেশ॥ ২০০০ গৈয়৷ ভৈলা কুমাৰ যে সমীপ ৰাজাৰ। ৰাজাক প্ৰণামি গৈয়া বসিল৷ উত্তৰ বিৰাটে বোলন্ত ধন্য ধন্য ভূমিঞ্জয়। কঙ্কক দেখিয়া যেৱে বৰ ভৈলা ভয়। ২০০০৫ এক পাশে বসিয়া আছস্ত যুধিষ্ঠিৰ। দ্ৰৌপদী ধৰস্ত যেৱে তাহান কথিৰ॥ দেখি কুমাৰৰ বৰ ভৈলা হৃদি তাপ। বোলে কোনে হেন কৰিলেক মদপাপ | 2000৬ বিৰাটে বোলন্ত বোপা শুনা ভূমিঞ্জয়। তুমি ৰণ জিনিলা সাৰথি প্ৰশংসয়॥ কোপেসে ভেদিল৷ পাশটিৰ যে প্ৰহাৰ। কুমাৰে বোলন্ত দোষ কৰিলা আপাৰ॥ ২০০০৭ বৰ দোষ কৰিল৷ ফিসক পাশে হানি। ইটো আতিশয় পাপ তুমি কি নজানি। ইহানে দুখেসে হোৱে আমাৰ বিনাশ। গাৱ চালি সত্বৰে যে কৰিয়া আশ্বাস। ২০০০- পুত্ৰৰ বচনে ৰাজা চালিলন্ত গাৱ। ধৰ্ম্ম নৃপতিৰ ধৰিলন্ত দুই পাৱ॥ শিশু সম হোৱে বৃদ্ধ জানি পটন্তৰ। কৈলো অপৰাধ দ্বিজবৰ ক্ষেমা কৰ। ২০০০