পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিষাক্ট পৰ্ব্ব নেউক পাল গোৱালক একোৱে নলাগে। কুমাৰৰক বাৰ্ত৷ লই পঠাৰো আগে॥ যুধিষ্ঠিৰে বোলে ৰাজা নকৰিবা ভয়। অৱশ্যে তোমাৰ পুত্ৰ হৈবে ৰণজয়॥ ১৯৯৭৬ বৃহন্নলা ভৈল যাৰ ৰথৰ সহায়। তিনিয়ে৷ লোকত তাৰ কিছো শঙ্কা নাই॥ দেৱাহুৰ নাগ যক্ষ গন্ধৰ্ব্ব কিন্নৰ। দানৱ মানৱ আৰু ৰক্ষ বিদ্যাধৰ। ১৯৯৭৭ তিনিয়ে৷ লোকত যদি আসৈ সবে সাজি। তথাপি কুমাৰে পাল জিনিবেক আজি এত হস্তে দূতসব লৱৰন্তে পাইল। কুমাৰৰ জয় বাৰ্ত্ত৷ মন্ত্ৰীত জনাইল। ১৯৯৭৮ আগবাঢ়ি মন্ত্ৰী গই জুৰি দুই হাত। দূতক দেখায়া কথা কহৱে ৰাজাত॥ শুনিয়োক প্ৰভুদেৱ ৰায় ৰাজেশ্বৰ। কৌৰৱত ৰণজিত ভৈলন্ত কুমাৰ॥ ১৯৯৭৯ ষাঠি যে হাজাৰ গৰু আনি সবে পাল। তব পুত্ৰে পঠাই দিলে আসিল গোৱাল॥ বৃহন্নলা সাৰথি সহিতে অব্যাহতে। ৰণ জিনি দুয়ে৷ বীৰ আসন্ত পাচতে॥ ১৯৯৮০ হেন শুনি যুধিষ্ঠিৰে বুলিল৷ ৰাজাত। দেখা দেখা ৰাজা মোৰ বোলৰ সঞ্জাত॥ বাৰ্তাৰ কুশল হেন শুনিয়োক হিত। তব পুত্ৰ উত্তৰ ভৈলন্ত ৰণজিত॥ ১৯৯৮১ সসৈন্যে কৌৰৱ ভঙ্গ গৈল সমৰত। কুমাৰে তোমাৰ পাল আনিল সমস্ত ইসব কথাত ৰাজা হুবুলিবা নুই। স্বৰূপে স্বৰূপে ৰাজা জানা ইটো হই॥ ১৮৯৮২ যেতিক্ষণে বৃহন্নলা ভৈলেক সাৰথি। অৱশ্যে তোমাৰ পুত্ৰ ভৈলেক জয়তি॥ পুত্ৰৰ বিজয় শুনি হৰিৰ ৰাজাৰ। দূতক প্ৰসাদ দিল বস্ত্ৰ অলঙ্কাৰ। ১৯৯৮৩ পাত্ৰসকলক চাইয়া কৰিলা আছেন। জাণ্ট কৰি নগৰত জমো yeet কৌৰৱত ৰণজিত ভৈলা যে কুমাৰ। আগবাঢ়ি নগৰক যাউক নাৰী-নৰ। ১৯৯৮৪ হাট বাট নগৰ কৰায়ে৷ জাতিষ্কাৰ। পতাকা তোৰণে পথ ৰঞ্জিয়ো দুৱাৰ পদূলি পঙ্গুলি দীপ-পাতোক যে ঘট I নৃত্য গীত মঙ্গল কৰোক নটী নট॥ ১৯৯৮৫ পাত্ৰ পুত্ৰ মন্ত্ৰীসৰ মহাৰথী লোক। ৰথে ধ্বন্ধে গজে সাব্জি সবে চলিয়োক॥ উদ্ভৰা প্ৰমুখ্যে যাউক যত কন্যা আছে। গন্ধে পুষ্পে শৰীৰক মণ্ডি দিব্য কাছে॥ ১৯৯৮৬ হাতে পুষ্প দূৰ্ব্বাক্ষত দিব্য ঘট লই। আগবাঢ়ি কুমাৰক সবে আনা গই॥ পিতা পুত্ৰ আমি দুয়ো ভৈলো ৰাজয়। ৰণচণ্ডী গোসানীক পূজিবে লাগয়। ১৯৯৮৭ মহিষ ছাগল বলি আন৷ দধি ঘৃত। কালীদেৱী পূজন্তোক গুৰু পুৰোহিত॥ ৰূপৱতী নটী নট সমস্তো কাছোক। ঝিঞ্জিৰি মহৰি বাই আগত নাচোক॥ ১৯৯৮৮ পঞ্চ শব্দ ৰাজাৰ সবাকে পঠাই দিল। পাচে মৎস্যৰাজা ধৰ্ম্মৰাজাক মাতিল॥ আসা কঙ্ক বোলে৷ তুমি আমি খেলো পাশ। তুমি সমে পাশত সম্পজে উপহাস৷ ১৯৯৮৯ শুনিবাক পাৰ৷ পাণ্ডৱৰ দুখ যত। এহি পাশা খেলাত তাহাৰ ৰাজ্য হত॥ সেহি ধৰি আমাৰ পাশাত নাহি কচি! পাশা খেলি দোষাদোষ আমাসাত পুছি॥ '৯০ যুধিষ্ঠিৰে বোলন্ত শুনিয়ে মৎস্তাৰ। অঙ্কুচিত পাশা খেলিবাক মুহুৱাই। অত্যন্ত বিৰোধ পাশ-খতি ফুলক্ষণ। আজ্ঞাক তোমাৰ মাত্ৰ পালো কতোক্ষণ॥ ৯ মৎস্থ্যে বোলে পাশা খেলো কিছো দোষ নাই। বিৰাটৰ বাক্যে পাশা থেকে বৰ্ষাৰ দুইহান্তে খেলও পাশ বেবন্ধৰ আম। পাচে মৎস্যে বোগে কিনে