পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অস্ত্ৰে শস্ত্ৰে দুইহস্তৰো নুছুইলেক অঙ্গ। আকাশে নেখেলৈ বায়ু নচলে বিহঙ্গ॥ ত্ৰিদশ দেৱতা সবে দেখি তৈলা বঙ্গ। বিৰাট পৰ্ব্ব । বিজুলী চমক যেন চিকমিক কান্তি। আকাশে সঞ্চৰৈ যেন ৰাজহংস পান্তি॥ ১৯৮৭২ সহস্ৰ অযুত শত কৰম্ভ প্ৰহাৰ। কাৰো জয় নাই তাত কাৰো নাই ভঙ্গ। ১৯৮৬৪ | দুইৰে৷ শৰে দশোদিশ ভৈল অন্ধকাৰ॥ গুৰু দ্ৰোণ আদি কৰি যত কুবলে। ভীষ্মক প্ৰশংসা কৰিলেক কুতূহলে॥ অৰ্জ্জুনক সম কোন ত্ৰৈলোক্য গোচৰে। একে শ্ৰীহৰি আৰু শঙ্কৰত পৰে৷ ১৯৮৬৫ মহাবল পৰাক্ৰম বয়সে তৰুণ। দৃঢ়মুঠি লঘুত্ত দুৰ্জ্জয় অৰ্জুন | বৃদ্ধ হুই ভীষ্মে তাঙ্ক কৰন্ত সমৰ। সাধু সাধু ভীষ্ম সম নাহি ধনুৰ্দ্ধৰ॥ ১৯৮৬৬ ভীষ্মক কৌৰৱে যেৱে প্ৰশংসিল হেন। ইন্দ্ৰত গন্ধৰ ৰাজা কহে চিত্ৰসেন॥ দেখা দেখা প্ৰভু যুদ্ধ ভীষ্ম অৰ্জ্জুনৰ। দেৱতাৰ অস্ত্ৰ সবে ভৈল মানুষৰ॥ ১৯৮৬৭ দাঙ্কণ সমৰে দুইৰ দেখা সমাগম। মানুষৰ লুই হেন অদভুত কৰ্ম্ম॥ ত্ৰিভুৱনে নাই হেন দুহান সদৃশ। ৰাম ৰাৱণৰ সম দুৰ্জ্জয় মুনিষ॥ ১৯৮৬৮ সিদ্ধ মুনি বিদ্যাধৰ গন্ধৰ্ব্ব কিন্তুৰ। যতেক আছিলা সব যক্ষ নিশাচৰ॥ ইন্দ্ৰ আদি দেৱগণে সবে প্ৰশংসিল। দুই হানে৷ মাথাতে সবে পুষ্প বৰিষিল॥ ১৯৮৬৯ দিব্য অস্ত্ৰ ভঙ্গ জয় নভৈল ভহিত। পুনৰপি শৰযুদ্ধ ভৈল বিপৰীত॥ খৰ খুৰ ত্ৰিকণ্টিক ভগ্ন-বৎসদস্ত। সৰ্পমুখ শিলীমুখ হুহম্ভে মাৰম্ভ॥ ১৯৮৭০ অৰ্দ্ধচন্দ্ৰ কনিয়াল নৰাচ বিপাট। দুইৰো শৰে ছানিলেক মতৰ বাট॥ নাকলিয় ছত্ৰ চিতু দুইহান্তৰো ৰথ। বাৰিষাৰ মেখে যেন ঢাকিলে পৰ্ব্বত। ১৯৮৭১ হুৱৰ্ণ পুথিয়া শৰ জাকে জাকে চলে। আপনি কণিকা যেন ফোকাৰে নিকলে | 3089 সেহি বেলা ভীষ্মে ছিদ্ৰ পাইয়া অৰ্জ্জুনৰ। বামভাগে হিয়াত ভেদিল। সাত শৰ॥ ১৯৮৭৩ কধিৰ ৰহৱৈ দেহ৷ কাম্পে থৰ থৰ। ক্ষেণেকে চেতন পাইলা চোট পায়া বৰ॥ ক্ৰোধিলন্ত ধনঞ্জয় অগ্নিৰ সমান। ক্ষুৰ শৰে ভীষ্মৰ কাটিলা ধলুখান॥ ১৯৮৭৪ হৃদয়ত হানিলেক দশ শৰ তল্ল। কৱচ ভেদিয়া শৰগোট গৈল তল॥ সাৰথিকে৷ ভেদিল প্ৰচণ্ড তিনি বাণ। বৰ ভাগ্যে জীল তাৰ নগৈল পৰাণ॥ ১৯৮৭৫ কটা ধনু দেখি ভীষ্ম বৰ চোটে লাঞ্জি। আন ধনুখান আনি লৈলা গুণ মাজি। অৰ্জ্জুনক লাগি শৰ মাৰিলা বহুত। শৰ হানি পথতে কাটিলা কুন্তীহত॥ ১৯৮৭৬ কি কৰিধে ভীষ্ম আৰ নপাৱত্ত দিশ। দেখি কুৰু সেনাত লাগিল উসমিস॥ মহাকোপে ভীষ্মৰ কাম্পয় সবে তন্তু। শৰ হানি অৰ্জ্জুনে কাটিল৷ সিটো ধ্যু॥ ১৯৮৭৭ ধৱল ছত্ৰেক আছৈ ভীষ্মৰ হুচান্দ। আকাশে প্ৰকাশে যেন পূৰ্ণিমাৰ চান্দ॥ কুন্তীৰ তনয় ৰীৰ সমৰে প্ৰচণ্ড। শৰ হানি তাহাকো কৰিলা খণ্ড খণ্ড॥ ১৯৮৭৮ দশ গোট৷ শৰ আৰ গুণত চৰাইল। গৃধ্ৰুপত্ৰে চাই আছে প্ৰৱন্ধে শনাইল॥ অগনিৰ শিখা সম দেখি লাগে ভৰ। বাহুকি সদৃশ মুখ কুৰ পটন্তৰ। ১৯৮৭৯ কৰ্ণমানে ধসু টানি প্ৰহাৰিলা টানে। ভীষ্মৰ হিয়াত পৰি পশিল সন্ধানে। দশ গোটা সৰ্প যেন পশিলা গৰ্ভত। যুচ্ছ। গৈয়া ভীষ্ম ঢলি পৰিলা বখত॥ ১৯৮৮০