পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩২৪ ৰাজাৰ বচন হেন শুনি পাত্ৰগণ। ভীষ্ম গুৰু দ্ৰোণ ৰূপ অশ্বত্থামা কৰ্ণ॥১৯৫৩৮ আনে৷ মহাৰথীগণ যতেক আছিল। জয় জয় ৰাজা বুলি সবে প্ৰশংসিল॥ এতেকে অৰ্জ্জুনে পাইলে সমীধবৃক্ষক। ৰথ ঝুথি তলত বুলিল৷ উত্তৰক॥১৯৫৩৯, হেৰ দেখ উত্তৰ তোহোৰ ক্ষুদ্ৰ ধনু। মোহোৰ হাতত টানন্তে সে ভাগে যেনো॥ কুঞ্জৰ মৰ্দ্দন টান বজ্ৰ সম চোট। মোহোৰ বাহুৰ বল নসহয় তেতি॥১৯৫৪● কুশকণ্ট সম ক্ষুদ্ৰ তোৰ ইটো বাণ। মোহোৰ হাতত যেন খেৰ যে পতান॥ হেৰ দেখ সমীধত ঝাণ্টে গৈয়া চড়। মহাভাৰত পাঞ্চখান ধনু আতে আছে বৰ বৰ॥১৯৫৪১ দশগোটা তূণে ভৰি থৈয়া আছে বাণ। ইহাৰ এখান ধনু ভাল বাচি আন॥ উত্তৰ বদতি কত উপালম্ভ কৰা। মৃতক প্ৰাণীক পাই বিকৰ্থি নমাৰ৷॥১৯৫৪২ তোমাক যেতিয়৷ মই আনিলো সাৰথি। তেতিক্ষণে জানে৷ মোক পাইলেক দুৰ্গতি॥ স্বভাৱে নিৰ্দ্দয় জাতি নপুংসক জন। নমানই বাপ মাৰ মিত্ৰ বন্ধুগণ॥১৯৫৪৩ বিশেষত তুমি আমি নাহি চিন৷ জনা। তাতেসে এতেক মোক কৰা বিকৰ্থনা। স্বদেশী সাৰথি যেৱে হৱে আন লোক। তাহাৰে কি বাপে তেৱে হেন কৰে মোক॥ ৪৪ ক্ষমা কৰা বৃহন্নলা এৰা উৎপাত। শুনি আছে৷ শৱগোট বান্ধি আছৈ আত॥ ৰাজাৰকুমাৰ শৱ নলাৰিৰে৷ হাতে। ব্যাধৰ কৰ্ম্মক কৰিবোহো কেনমতে॥১৯৫৪৫ কৌৰৱক যুক্তি যদি এহিমতে মৰো। তথাপিতো হাতে শৱ লাৰিতে নপাৰো॥ অৰ্জ্জনে বোলপ্ত তই নকৰিবি ডৰ। শৱ মুহি পাঞ্চখান ধনু পাওৱৰ॥১৯৫৪৬ নজানিসি শৱ আৰু বোলৈ সৰ্ব্বলোক। নিন্দিত কৰ্ম্মক কেনে কৰাইবোহো তোক পাঞ্চখান ধ্যু আত আছে এক ঠাই। ইহাৰ এখান ধহু আন ভাল চাই॥১৯৫৪৭ আপুনি বৃক্ষত চড়ি ননমাস্ত ধনু। বোলন্ত উত্তৰ ডৰে পলাই যাই যেনো॥ বথ ৰাখি তলত থাকিলা ধনঞ্জয়। বৃক্ষত চৰিল মৎস্যৰাজাৰ তনয়॥১৯৫৪৮ ঢাকন গুচায়৷ চাৰে আছে পাঞ্চঞ্চলু। মহাভয়ে উত্তৰৰ ৰোমাঞ্চিত তলু। সূৰ্য্যৰ কিৰণ যেন জ্বলম্ভে আছয়। সাক্ষাতে ভাৰ্গৱ বুধ মঙ্গল উদয়॥ ১৯৫৪৯ দশগোটা তূণ ভৰি আছে সষে শৰ। শনাইতে ত্ৰিশূল সম দেখি লাগে ডৰ॥ গৃদ্ধ, কঙ্কপত্ৰে চাইল শাইল প্ৰৱন্ধে। লহ লহ সৰ্প যেন মানুষৰ গন্ধে॥১৯৫৫০ ডৰিল উত্তৰে দেখি চিকিমিকি কান্তি। বৃক্ষ হস্তে বোলে ওবা বুৰিল সাৰথি॥ বিস্ময় ভৈলোহো বৰ মিলিল অকাৰ্য্য। ধনু নুহি পাঞ্চ গোটা আছে সৰ্পৰাজ॥১৯৫৫১ বাহুকী সদৃশ দেখো সহস্ৰেক ফণ। চাহিবে নোৱাৰো যেন সূৰ্য্যৰ কিৰণ॥ কাঁড় পাঞ্চখান বৰ ধনু ভয়ঙ্কৰ। দশগোট৷ তূণ ভবি আছে কাঁড়শৰ॥১৯৫৫২ সৰ্পমুখ শিলিমুখ আৰো বাঘমুখ। ত্ৰিকণ্টিক বজ্ৰদত্ত ভল্ল ৰুক্মপুঙ্খ॥ কতো ক্ষুৰ কণিয়াল নৰাচ সুচন্দ। বৈৰ বীৰ ত্ৰিশিৰ নাশন অৰ্দ্ধচন্দ্ৰ॥১৯৫৫৩ অগণিৰ শিখা যেন দেখি গাৱ কাম্পে। লহ লহ কৰৈ যেন জিহ্বা মেলি সাপে॥ অৰ্জ্জুনে বেলিস্ত শুন৷ ৰাজাৰ কুমাৰ। পাঞ্চখান ধনু এহি পাঞ্চ পাণ্ডৱৰ॥১৯৫** দশগোটা তূণে দেখ শৰে আছে ভৰি। ইহাৰ এখান ধহু আন ঝাণ্ট কৰি।